ভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

ভাৰতত উৰিছে পাকিস্তানী ড্ৰোণ, কি কাহিনী লুকাই আছে ড্ৰোণ উৰণৰ আঁৰত?

BSFৰ তথ্য অনুসৰি, চীনত নিৰ্মাণ কৰা হৈছে এই ড্ৰোণখন। শুকুৰবাৰে, পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ড্ৰোণখন। 

ভাৰতীয় সুৰক্ষাবাহিনীৰ হাতত পাকিস্তানী হেক্সাকপ্টাৰ। শুকুৰবাৰে নিশা BSFয়ে পঞ্জাৱৰ ফিৰোজপুৰ অঞ্চলত নিম্ন উচ্চতাত উৰি থকা এখন হেক্সাকপ্টাৰ(ড্ৰোণ)ধৰিবলৈ সক্ষম হয়।

BSFৰ তথ্য অনুসৰি, চীনত নিৰ্মাণ কৰা হৈছে এই ড্ৰোণখন। শুকুৰবাৰে, পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ড্ৰোণখন।

উল্লেখ্য যে, শুকুৰবাৰে নিশা ১১.১০ বজাত আমাৰকোটৰ ব’ৰ্ডাৰ আউটপোষ্টত BSF পেট্ৰ’লিং টীমে শুনা পায় হেক্সাকপ্টাৰ অথবা ড্ৰোণৰ শব্দ। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৩০০ মিটাৰ দূৰত্ব আৰু ব’ৰ্ডাৰ চিকিউৰিটী ফেন্সৰ পৰা ১৫০ মিটাৰ দূৰত্বত ধৰা পেলোৱা হৈছিল ড্ৰোণৰ অৱস্থিতি। ইতিমধ্যে, অঞ্চলটোত BSFৰ উৰ্ধতম কৰ্তৃপক্ষ উপস্থিত হৈ অঞ্চলটোত আৰম্ভ কৰিছে অভিযান।

BSFৰ বিভিন্ন দলে অঞ্চলটোত চলাই আছে উদ্ধাৰ অভিযান। অৱশ্যে, ড্ৰোণখনৰ জৰিয়তে ভাৰতত নিচাসক্ত দ্ৰব্য নে অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ চেষ্টা কৰা হৈছিল, সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.