কর্ণাটকভাৰতৰাজনৈতিক

কৰ্ণাটকৰ নৱতম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বাসৱৰাজ বোম্মাই

বোম্মাই মুখ্যমন্ত্ৰীৰূপে বুধবাৰে কৰিলে শপতনামা পাঠ

উত্তপ্ত ৰাজনৈতিক বতাহেৰে সমগ্ৰ দেশক আলোড়িত কৰি ৰখা কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত বাসৱৰাজ বোম্মাই। মঙ্গলবাৰে বিয়লি বিধায়িনী দলৰ বৈঠকত সদ্য পদত্যাগী মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই বোম্মাইৰ নাম প্ৰস্তাৱ কৰে। বোম্মাই মুখ্যমন্ত্ৰীৰূপে বুধবাৰে কৰিলে শপতনামা পাঠ।

১৯৬০ চনৰ ২৮ জানুৱাৰীত জন্ম গ্ৰহণ কৰিছিল বোম্মাই। সম্প্ৰতি বোম্মাই ৰাজ্যখনৰ সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী আছিল।

মন কৰিবলগীয়া যে, মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক বোম্মাইৰ পিতৃয়েও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্য সমাপন আছিল।

জনতা দলৰ জৰিয়তে ৰাজনীতিত খোজ দিয়া বোম্মাই ১৯৯৮ আৰু ২০০৪ চনত বিধানসভালৈ নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত জনতা দল ত্যাগ কৰি ২০০৮ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে বাসৱৰাজ বোম্মাই । চলিত বৰ্ষত বোম্মায়ে হাবেৰী জিলাৰ শিগগাঁৱৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + three =

Back to top button