অপৰাধজীৱনশৈলীভাৰতমনোৰঞ্জন
Trending

স্বামী ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছত দুখতে এয়া কি পোষ্ট শ্বেয়াৰ কৰিলে শিল্পা ছেট্টীয়ে?

দীৰ্ঘদিন ধৰি অশ্লীল ছবিৰ ব্যৱসায় কৰি অহা ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে সকলোতে লাগিল হৈ-চৈ

অশ্লীল ছবি নিৰ্মাণ কৰাৰ অপৰাধত বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অশ্লীল ছবিৰ ব্যৱসায় কৰি অহা ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে সকলোতে লাগিল হৈ-চৈ। ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল ৰাজ কুন্দ্ৰাৰ পুৰণি টুইট। সকলোৱে মাথো সমালোচনা কৰিলে শিল্পা ছেট্টীৰ স্বামীক।

এই সকলোবোৰ দেখিও নিমাত হৈ আছিল বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টী। এই সন্দৰ্ভত মুখ খুলিব নিবিচৰা অভিনেত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে নিশা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে এটা পোষ্ট। ‘ধৰ্কন’ৰ দৰে বহুকেইখন সফল চিনেমাত অভিনয় কৰা শিল্পা ছেট্টীয়ে জেমছ থাৰ্বাছৰ কিতাপৰ কেইটামান লাইন শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত।

তেওঁ লিখে যে, খঙত পাছলৈ ঘূৰি নাচাব অথবা ভয়ত আগলৈও নাযাব, কিন্তু সজাগতাৰে চাৰিওফালে চাওঁক।

Shilpa shares her first post after husband Raj Kundra's arrest

উল্লেখযোগ্য যে, ৰাজ কুন্দ্ৰাৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে এতিয়ালৈকে অভিনেত্ৰীগৰাকীৰ কোনো ধৰণৰ মতামত লোৱা নাই যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে চমন জাৰি কৰিব নে নকৰিব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.