সমাগত দীপাৱলী। ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলৰ।
দেৰগাঁৱৰ সমীপৰ কাকডোঙা কুমাৰ গাঁৱৰ এখন ঘৰত বহু বছৰে ভাবে নিৰ্মাণ হৈ আহিছে মাটিৰ সামগ্ৰী। তেঁওলোকে নিৰ্মাণ কৰি আহিছে মাটিৰে বনোৱা বাচন বৰ্তন, চাকি- বন্তি।
যোৱা দুটা বছৰে কৰ’না ই জুৰুলা কৰিছে ঘৰখনৰ ব্যৱসায়। তথাপিও এইবাৰ দীপাৱলী উপলক্ষে পূৰ্ণোদ্যমেৰে পৰম্পৰাগত মাটিৰ চাকি বনাই সাজু হৈছে কুমাৰ গাঁৱৰ পৰিয়ালটো।