আন্তঃৰাষ্ট্ৰীয়বিশ্ব

আজি বিশ্ব ডাক দিৱস! কিয় পালন কৰা হয় বিশ্বজুৰি ডাক দিৱস

ডাক সেৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ এই দিৱসৰ মূল উদ্দেশ্য

প্ৰতি বছৰে ৯ অক্টোবৰ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয় বিশ্ব ডাক দিৱস। ১৮৭৪ চনৰ এই দিনতে চুইটজাৰলেণ্ডৰ বাৰ্নত বিশ্ব ডাক সন্থাৰ জন্ম হৈছিল। এই সন্থা ৰাষ্ট্ৰসংঘৰ লগত চামিল হয়। বিশ্ব ডাক সন্থায়ে তথ্যৰ আদান-প্ৰদান আৰু দূৰসংযোগৰ মাধ্যমেৰে ডাক বিভাগৰ এক গোলকীয় বিপ্লৱৰ সূচনা কৰে। ডাক সেৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ এই সন্থাৰ মূল উদ্দেশ্য।

১৯৬৯ চনৰ জাপানৰ টকিঅ চহৰত অনুষ্ঠিত বিশ্ব ডাক সন্থা কংগ্ৰেছে ৯ অক্টোবৰক বিশ্ব ডাক দিৱস হিচাপে ঘোষণা কৰে। তেতিয়াৰ পৰা ডাক সেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি গোটেই বিশ্বজুৰি এই দিৱস পালন কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.