দুৰ্ঘটনাদৈনিক বাতৰি

চলন্ত বাছৰ তলত সোমাল বাইক আৰোহী, তাৰপিছত ঘটিল এই ঘটনা, চাওঁক ভিডিঅ’…

ই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে গুজৰাটৰ দাহোদত

এটা বুকু কঁপি যোৱা ভিডিঅ’। এখন চলন্ত বাছৰ তলত আকস্মিকভাৱে সোমাই পৰিল এজন বাইক আৰোহী। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে গুজৰাটৰ দাহোদত।

দাহোদৰ ঝালোদ ঘাইপথত এজন যুৱকে মটৰ চাইকেলেৰে এখন ৰাজ্যিক পৰিবহন নিগমৰ বাছ অভাৰটেক কৰিবলৈ যাওতেই সংঘটিত এই ঘটনা। অভাৰটেক কৰিবলৈ চেষ্টা কৰোতে দুৰ্ভাগ্যবশতঃ বাছৰ তলত সোমাই যায় যুৱকজন। বাছৰ চালকে ব্ৰেক মাৰিবলৈ চেষ্টা কৰে যদিও বাছৰ তলত সোমাই পৰে বাইক আৰোহী।

চাওঁক সেই শিহৰণকাৰী ভিডিঅ’

অৱশ্যে, এই দুৰ্ঘটনাৰ ফলত যুৱকজন গুৰুতৰভাৱে আহত হোৱা নাই। এই ঘটনাৰ পিছতে ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ভিডিঅ’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button