Covid-19Educationভ্ৰমণমনোৰঞ্জনমেঘালয়

১ ছেপ্টেম্বৰৰ পৰা মেঘালয় ভ্ৰমণ কৰিব পাৰিব আপুনি, কিন্তু….

খুলি দিয়া হ’ব মেঘালয়ৰ শিক্ষানুষ্ঠানসমূহো

১ ছেপ্টেম্বৰৰ পৰা মেঘালয়ে পৰ্যটকৰ বাবে মুকলি কৰি দিব পৰ্যটন ক্ষেত্ৰসমূহ। লগতে ১ ছেপ্টেম্বৰৰ পৰাই খুলি দিয়া হ’ব মেঘালয়ৰ শিক্ষানুষ্ঠানসমূহো।  কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ে ল’ব এই সিদ্ধান্ত।

অবশ্যে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰসমূহ ভ্ৰমণ কৰিবলৈ ইচ্ছুক পৰ্যটকসকলে কোভিড নিগেটিভৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব আৰু কোভিডৰ দুয়ো পালি ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সভাপতিত্বত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই কথা উল্লেখ কৰিছে লগতে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত চহৰ অঞ্চলত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ স্কুলসমূহ মুকলি কৰাৰ অনুমতি প্ৰদান কৰাৰ বিপৰীতে গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.