leatest updateSocialভাৰত

ভাৰতৰ ৰক্ষা কৱচ S-400

S-400

মধ্যপ্ৰাচ্য যুদ্ধত ইজৰাইলক গাজাৰ পৰা হামাছৰ এয়াৰ ষ্ট্ৰাইকৰ পৰা ৰক্ষা কৰি আহিছে এয়াৰ ডিফেন্সচিষ্টেম আইৰণ ডোমে। লেবাননৰ পৰা হিজবুল্লাই নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ ড্ৰোণো প্ৰতিহত কৰিছে ইজৰাইলৰ আইৰণ ডোমে। আনকি ইৰাণৰ শক্তিশালী ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণেও ইজৰাইলক সামান্য ক্ষতিও কৰিব পৰা নাই। সমগ্ৰ ইজৰাইলক তেওঁলোকৰ এয়াৰ ডিফেন্সচিষ্টেম আইৰণ ডোমে ৰক্ষা কৰি আছে। প্ৰশ্ন উঠিছে ভাৰত–পাকিস্তানৰ মাজত যুদ্ধ হ’লে পাকিস্তানৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ লগতে পাকিস্তানৰ বিমান আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰতৰ আকাশী প্ৰতিৰোধী ব্যৱস্থা কিমান শক্তিশালী। ভাৰতৰো আছে আকাশী প্ৰতিৰোধী ব্যৱস্থা তথা এয়াৰ ডিফেন্সচিষ্টেম ।

S-400 Triumf | Missile Threat

ভাৰতৰ আকাশী সীমাক ৰক্ষা কৱচ হিচাপে আগুৰি আছে ৰাছিয়াৰ এয়াৰডিফেন্সচিষ্টেম S-400এ । লগতে ইজৰাইলৰ এয়াৰ ডিফেন্সচিষ্টেমেও ভাৰতৰ আকাশী সীমান্তত অনন্দ্ৰপ্ৰহৰীৰ দৰে থিয়হৈ আছে। ইয়াৰ উপৰি আছে ভাৰতৰ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত লেজাৰ অস্ত্ৰও। ইয়াৰ বিপৰীতে পাকিস্তানৰ এয়াৰ ডিফেন্সচিষ্টেমচীনৰ ওপৰত নিৰ্ভৰশীল। প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে এই পৰ্যন্ত ভাৰতৰ আছে ৬এয়াৰ ডিফেন্সচিষ্টেম। এই এয়াৰ ডিফেন্সচিষ্টেম ভেদ কৰাটো পাকিস্তানৰ বাবে কঠিনেই নহয়, অসম্ভৱ বুলি প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মত ।

S-400 Missile: Why Is India Deploying Powerful Air Defense System Near  Pakistan Border & Not Against China?

ভাৰতৰ আকাশী প্ৰতিৰোধী ব্যৱস্থাৰ মূল অস্ত্ৰ হৈছে ৰাছিয়াৰ S-400 ট্ৰায়াম্ফ। সীমান্তৰ ৪০০ কিলোমিটাৰ পৰ্যন্ত এলেকাত অভেদ্য দুৰ্গৰ দৰে ঢাকি ৰাখিবলৈ সমৰ্থ S-400। শত্ৰুয়ে নিক্ষেপ কৰা বেলেষ্টিক মিছাইলো আকাশতে ধ্বংস কৰি দিব পাৰে এই S-400 এয়াৰ ডিফেন্সচিষ্টেমে । S-400ত সংলগ্ন ৰাডাৰৰ সহায়ত এবাৰতেই ৩০০ টাটা ৰ্গেট চিহ্নিত কৰিব পাৰে ৰাছিয়াৰ এই ঘাতক অস্ত্ৰই। S-400 এয়াৰ ডিফেন্সচিষ্টেমে হ্ৰস্ব, মধ্যম আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ মাজ আকাশতে ধ্বংস কৰি দিবলৈ সক্ষম । শব্দতকৈও ১৪ গুণ অধিক গতিত S-400ৰ ক্ষেপণাস্ত্ৰই গতি কৰে ।

India to receive 4th squadron of Russian S-400 air defence system by  year-end

মুঠতে ৰাছিয়াৰ এয়াৰ ডিফেন্সচিষ্টেমে অভেদ্য দুৰ্গত পৰিণত কৰিছে ভাৰতৰ আকাশী প্ৰতিৰোধী ব্যৱস্থা। ইয়াৰ বিপৰীতে পাকিস্তানৰ হাতত আছে চীনত তৈয়াৰী HQ9P আৰু HQ9B এয়াৰ ডিফেন্সচিষ্টেম। এই এয়াৰ ডিফেন্সচিষ্টেমে ১০০ৰ পৰা ২০০ কিলোমিটাৰ পৰ্যন্ত সীমান্ত সুৰক্ষা দিবলৈহে সক্ষম। কেৱল ৰাজধানী ইছলামাবাদ আৰু লাহোৰক সুৰক্ষা দিবলৈহে সক্ষম পাকিস্তানৰ এয়াৰ ডিফেন্সচিষ্টেম । কিন্তু পাকিস্তানৰ এই এয়াৰ ডিফেন্সচিষ্টেম ভাৰতৰ ব্ৰাহ্মছ ছুপাৰছ নিকক্ৰুছ ক্ষেপণাস্ত্ৰ চিহ্নিত কৰিবলৈ সক্ষম নহয়।

How Many S-400 Missile Systems Does India Have?

আনহাতে, ভাৰতত থকা S-400 এয়াৰ ডিফেন্সচিষ্টেমে বিগত তিনি বছৰে ইউক্ৰেনৰ সৈতে যুদ্ধত ৰাছিয়াক ৰক্ষা কৰি আহিছে। আমেৰিকাকে ধৰি পশ্চিমৰ দেশসমূহৰ ক্ষেপণাস্ত্ৰ ড্ৰোণ আনকি ক্ৰুছ মিছাইলেও এই S-400 এয়াৰ ডিফেন্স চিষ্টেমক ভেদ কৰিবলৈ সক্ষম হোৱা নাই।

Outdated Tech, Delayed Delivery, Russian S-400 AD System No 'Game Changer'  For Indian Military: OPED

S-400ৰ উপৰিও বাৰাক–৮ ক্ষেপণাস্ত্ৰয়েও ভাৰতৰ আকাশী সীমাত ৰক্ষা কবচৰ দৰে থিয় হৈ আছে। ইজৰাইলৰ সৈতে যৌথ উদ্যোগত নতুন দিল্লীয়ে এই বাৰাক–৮ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে। ৭০ৰ পৰা ১০০ কিলোমিটাৰ পৰ্যন্ত সুৰক্ষিত কৰে এই ক্ষেপণাস্ত্ৰই । মূলতঃ পাকিস্তানৰ বাবৰ ক্ৰুছ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ কৰাৰ বাবে বাৰাক–৮ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে ভাৰতে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button