অসমজীৱনশৈলীস্বাস্থ্য

পুৱাই শুই উঠি আপুনি চাহ খাই নেকি? তেন্তে জানি লওঁক এই কথা…

এপিয়লা বঢ়িয়া চাহ খোৱাৰ প্ৰয়োজনীয়তা

পুৱাই শুই উঠি যদি আপুনি এপিয়লা বঢ়িয়া চাহ খাবলৈ পায় দিনটোৰ কাৰণে ভাল লাগি যায়। নহয় জানো? লগতে একাপ চাহে এলাহ ভাব, ভাগৰ ভাবো দূৰ কৰে।

মাত্ৰ এপিয়লাৰ চাহে ৰেডী কৰি দিয়ে দৈনন্দিন কাৰ্য্যৰ বাবে। ঠাণ্ডাত দিনততো চাহ খোৱাৰ মজাই বেলেগ। বতৰটো অলপ ঠাণ্ডা হ’লেই বাঢ়ি যায় চাহ খোৱাৰ প্ৰৱণতা।

কিন্ত আপুনি জানেনে সকলোৰে প্ৰিয় চাহকাপ স্বাস্থ্যৰ বাবে অতি উপকাৰী। চাহ গছৰ যি কেঁচা পাত, সেই পাত ছিঙি আনি চাহ বনাব পাৰি। ইয়াত সকলোতকৈ বেছি এন্টিঅক্সিডেন্ট থাকে।

চাহৰ উপকাৰিতাঃ
চাহত থকা এলথিয়েনাইন এমিনো এচিডে মস্তিস্কক অধিক সচেতন কৰাৰ লগতে শান্ত কৰি ৰাখে।
চাহে আনকি কেন্সাৰ, হাই কলেষ্ট্ৰোৰেল, লিভাৰ আৰু হাৰ্টৰ সমস্যাৰ পৰাও সুৰক্ষিত কৰি ৰাখে।
দিনত দুকাপ চাহ খালে অভেৰিয়ন কেন্সাৰৰ পৰাও হাত সাৰিব পাৰিব।
দিনত ৩/৪ কাপ চাহ খালে ছালৰ কেন্সাৰৰ পৰা বাচিব পাৰি।

চাহ গাখীৰ আৰু চেনি অবিহনে খাব পাৰিলে, সেই চাহ শৰীৰৰ বাবে অধিক ফলপ্ৰসু হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.