leatest updateআন্তঃৰাষ্ট্ৰীয়আমেৰিকাবিশ্ব

কানাডাৰ আকাশত উৰিল ৰহস্যজনক বস্তু

এইবাৰ কানাডাৰ আকাশত আমেৰিকাই এফ-২২ বিমানেৰে গুলীয়াই ধ্বংস কৰিলে ৰহস্যজনক বস্তু

এইবাৰ কানাডাৰ আকাশত দেখা গ’ল ৰহস্যজনক বস্তু ৷ কিন্তু এয়া এতিয়াও স্পষ্ট হোৱা নাই যে ঘটনাটোৰ সৈতে চীনৰ কোনো সম্পৰ্ক আছে নে নাই৷জানিব পৰা মতে আমেৰিকাই “এফ-২২” যুঁজাৰু বিমানেৰে কানাডাৰ আকাশত উৰি থকা অচিনাক্ত বস্তুটোলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। কানাডাৰ প্ৰধানমন্ত্ৰীয়েও অজ্ঞাত বস্তুবিধলৈ লক্ষ্য কৰি গুলীচালনাৰ নিৰ্দেশ দিছিল।

এদিন আগতেও আমেৰিকা যুক্তৰাষ্ট্ৰই আলাস্কাত এটা অচিনাক্ত বস্তুলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰা হৈছিল ৷ বিডেন প্ৰশাসনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশত উৰি থকা চীনা বেলুন এটা কিছুদিন পূৰ্বে মিছাইল নিক্ষেপ কৰি ধ্বংস কৰিছিল৷ পিছত ধ্বংসপ্ৰাপ্ত বেলুনটো সাগৰত পেলাই দিয়া হৈছিল। আমেৰিকাই দাবী কৰি আহিছে যে চীনা “গুপ্তচৰ” বেলুনে ভাৰত আৰু জাপানকে ধৰি কেইবাখনো দেশক লক্ষ্য কৰি লৈছে।

 

 

এই পৰিস্থিতিত, আমেৰিকাই ৪০ খন ‘বন্ধুত্বপূৰ্ণ দেশ’ক সতৰ্ক কৰি দিছে। আৰম্ভণিৰ পৰাই অভিযোগ কৰা হৈছিল যে চীনা গুপ্তচৰ বেলুনবোৰে গোপন তথ্য পাবলৈ হোৱাইট হাউচৰ ওচৰে-পাজৰে উৰি আছে৷ এনে বেলুন আমেৰিকাৰ লগতে লেটিন আমেৰিকাৰ আকাশতো দেখা গৈছিল।

এই পৰিস্থিতিত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজৰ সম্পৰ্ক বিঘ্নিত কৰিছে ৷ বেলুন কাণ্ডৰ পিছতে মাৰ্কিন সচিব এন্থনী ব্লিঙ্কেনে তেওঁৰ চীন ভ্ৰমণ বাতিল কৰিছে।

চীনে দাবী কৰে যে আমেৰিকাৰ আকাশত থকা বেলুনটো তেওঁলোকৰে আছিল। অৱশ্যে চীনে এতিয়ালৈকে আলাস্কা আৰু কানাডাৰ আকাশত দেখা পোৱা অজ্ঞাত বস্তুবোৰৰ বিষয়ে একো কোৱা নাই।

একে সময়তে, বেইজিঙে বেলুনটো গুলীবৰ্ষণ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে। চীনে কৈছিল যে বেলুনটো বতৰ বিজ্ঞানৰ পৰীক্ষা আৰু বৈজ্ঞানিক কাৰণত ব্যৱহাৰ কৰা হৈছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.