খেল

ৰোনাল্ডোৰ পৰাজয় আৰু বিৰাটৰ সান্তনা! কি ক’লে বিৰাটে

পৰ্তুগালৰ লগত পৰাজয়ৰ পিছতে কান্দোনত ভাঙি পৰা দেখা গৈছিল ৰোনাল্ডোক। আৰু ৰোনাল্ডোৰ কন্দা দৃশ্যই আৱেগিক কৰি তুলিছিল অনুৰাগীসকলক

এইবাৰৰ বিশ্বকাপ আছিল ৰোনাল্ডোৰ জীৱনৰ শেষৰখন বিশ্বকাপ। কিন্তু পৰ্তুগালৰ লগত পৰাজয়ৰ পিছতে কান্দোনত ভাঙি পৰা দেখা গৈছিল ৰোনাল্ডোক। আৰু ৰোনাল্ডোৰ কন্দা দৃশ্যই আৱেগিক কৰি তুলিছিল অনুৰাগীসকলক। কিন্তু এজন খেলুৱৈয়েহে বুজে আন এজন খেলুৱৈৰ বেদনা। প্ৰিয় ফুটবলাৰজনৰ খেলত পৰাজয়ৰ পিছতে বিৰাট কোহলীৰ আৱেগিক পোষ্ট। বিৰাটে ৰোনাল্ডোক সান্তনা দি লিখিছে ‘ আপুনি ফুটবল খেল আৰু সমগ্ৰ বিশ্বৰ ক্ৰীড়া অনুৰাগীসকলৰ বাবে যি ত্যাগ কৰিছে সেয়া কোনো ট্ৰফী বা কোনো খিতাপেই আঁতৰাই নিব নোৱাৰে। মোৰ লগতে পৃথিৱীৰ সকলো মানুহে আপোনাৰ খেল দেখিলে যি অনুভৱ কৰে বুজাব নোৱাৰা। এইয়া ভগৱানৰ পৰা পোৱা এটা উপহাৰ।’

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.