আন্তঃৰাষ্ট্ৰীয়

চীনৰ ছিচুয়ানত ভয়ংকৰ ভূমিকম্প! ৪৬ জন লোকৰ মৃত্যু

৬.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায় চীনৰ বৃহৎ অঞ্চল

চীনৰ দক্ষিণ-পশ্চিম ছিচুয়ানত ভয়ংকৰ ভূমিকম্প

চীনৰ ছিচুয়ানত নিশা ভয়াৱহ ভূমিকম্প! ৬.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায় চীনৰ বৃহৎ অঞ্চল৷ ভূমিকম্পৰ ফলত ৪৬ জনকৈ লোকৰ মৃত্যু হয় আৰু কেইবাজনো আহত হয়।

নিশা ১২:২৫ বজাত সংঘটিত হয় এই ভূমিকম্প৷ ভূমিকম্পৰ কেন্দ্ৰটো ১৬ কিলোমিটাৰ গভীৰতাত ২৯.৫৯ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ১০২.০৮ ডিগ্ৰী পূব দ্ৰাঘিমাংশত নিৰীক্ষণ কৰা হৈছিল বুলি চৰকাৰী ছিনহুয়াৰ উদ্ধৃতিৰে চীন ভূমিকম্প নেটৱৰ্ক চেণ্টাৰে প্ৰকাশ কৰিছে৷

এই ভূমিকম্পত ৪৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনৰো অধিক লোক আহত হৈছে। উদ্ধাৰকাৰী দলসমূহে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিহতসকলৰ ভিতৰত ২৯ জন লুডিং কাউন্টি প্ৰশাসন কৰা গাঞ্জী তিব্বতী স্বায়ত্তশাসিত প্ৰিফেকচাৰৰ আৰু বাকী ১৭ জন য়া’ন চহৰৰ।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.