এগৰাকী মহিলাৰ এখন ৰঙা শাড়ীয়ে ৰক্ষা কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱন…
পথাৰলৈ কাম কৰিবলৈ গৈ থকাৰ সময়তে উত্তৰ প্ৰদেশৰ ইটাহ জিলাৰ গুলেৰিয়া গাঁৱৰ ৬৫ বছৰীয়া ওমবাতিয়ে প্ৰত্যক্ষ কৰে ৰে'ল লাইনত মেলা ফাট। সেই সময়তে ইটাহৰ পৰা টুণ্ডলা অভিমুখে আহি আছিল এখন যাত্ৰীবাহী ৰে’ল।
উপস্থিত বুদ্ধিৰ বাবেই ৰক্ষা পৰিল কেইবাটাও জীৱন। নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী ৰে’ল। উত্তৰপ্ৰদেশত এগৰাকী শ্ৰমিক মহিলাই ৰক্ষা কৰিলে বহুতৰে প্ৰাণ।
পথাৰলৈ কাম কৰিবলৈ গৈ থকাৰ সময়তে উত্তৰ প্ৰদেশৰ ইটাহ জিলাৰ গুলেৰিয়া গাঁৱৰ ৬৫ বছৰীয়া ওমবাতিয়ে প্ৰত্যক্ষ কৰে ৰে’ল লাইনত মেলা ফাট। সেই সময়তে ইটাহৰ পৰা টুণ্ডলা অভিমুখে আহি আছিল এখন যাত্ৰীবাহী ৰে’ল। সৰল মহিলাগৰাকীৰ বুদ্ধিমত্তাৰ বাবেই ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল বহু হাজাৰ যাত্ৰী। ৰে’লৰ পাইলটক সতৰ্ক কৰিবলৈ মহিলাগৰাকীৰ ওচৰত একো নথকাৰ বাবে অৱশেষত নিজৰ ৰঙা শাড়ীখন খুলি গছৰ দুটা ঠাৰিৰ সহায়ত ৰে’লপথত আঁৰি দিয়ে মহিলাগৰাকীয়ে। ৰে’ল লাইনত ৰঙা ৰঙৰ কাপোৰ দেখি আগন্তুক বিপদৰ সংকেত পাই ৰে’লখন ৰখাই দিয়ে আৰু ৰে’লপথ মেৰামতিৰ পিছত পুনৰ যাত্ৰা আৰম্ভ কৰে।
श्रीमती ओमवती।
सुबह खेत पर काम करने जा रही थीं।
ट्रैक पार करते समय अचानक टूटी पटरी पर नजर पड़ गई।
ट्रेन आने वाली थी, इन्होंने समझदारी दिखाते हुए अपनी लाल रंग की साड़ी को लकड़ियों की मदद से ट्रैक पर खड़ा कर दिया।ट्रेन रोकी गई, पटरी ठीक हुई तब 30 मिनट बाद ट्रेन रवाना हुई।👏 pic.twitter.com/j4SJPTN3kl
— SACHIN KAUSHIK (@upcopsachin) March 31, 2022
এগৰাকী সাধাৰণ মহিলাই বুদ্ধিমত্তাৰে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা অনেক ৰে’লযাত্ৰীৰ জীৱন ৰক্ষা কৰা পাছতেই সামাজিক মাধ্যমৰ মাজত যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে উত্তৰপ্ৰদেশৰ ওমবাতি।

