আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনা

লাইভ শ্ব’ত মৰ্মান্তিক ঘটনা, শ্ব’ চলি থাকোতেই মৃত্যুক সাবটিলে ৮ জন দৰ্শকে

হেঁচা-ঠেলাৰ ফলত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। ২৩ জন লোকক ততাতৈয়াকৈ ওচৰৰে হাস্পতাললৈ লৈ যোৱা হয়।

লাইভ অনুষ্ঠানত অঘটন।আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৌস্তনৰ Astroworld Music Festivalত মৃত্যুক সাবটিলে আঠজন লোকে। শুকুৰবাৰে, নিশা হৌস্তনত সংগীতানুষ্ঠান চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

জনপ্ৰিয় ৰেপাৰ ট্ৰেভিছ স্কটছৰ লাইভ শ্ব’ চাবলৈ শুকুৰবাৰে নিশা হৌস্তনত ভিৰ কৰিছিল প্ৰায় ৫০,০০০ দৰ্শকে। শুকুৰবাৰে আৰম্ভ হোৱা দুদিনীয়া সংগীত মহোৎসৱৰ অংশ লৈছিল ট্ৰেভিছ স্কটছৰ অনুৰাগীয়ে। শ্ব’ চলি থকাৰ সময়তে একাংশ দৰ্শকে মঞ্চৰ ফালে আগবাঢ়ি যোৱাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। সংগীতানুষ্ঠানত জনসমাগম বৃদ্ধি হোৱাত সকলোৰে মাজত সৃষ্টি হয় আতংকৰ।

হেঁচা-ঠেলাৰ ফলত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। ২৩ জন লোকক ততাতৈয়াকৈ ওচৰৰে হাস্পতাললৈ লৈ যোৱা হয় যদিও ৮ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। আহত ১১ জন লোক হৃদৰোগত আক্ৰান্ত হয়। বৰ্তমান চিকিৎসাধীন হৈ আছে তিনি শতাধিক লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.