অপৰাধঅসম

ৰাজধানী ট্ৰেইনত দুলিয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালাক আক্ৰমণ!

অভিযুক্ত ৰমাকান্ত ৰায়ক আটক কৰে লামডিং আৰক্ষীয়ে

দিল্লী-ডিব্ৰুগড় ৰাজধানী ট্ৰেইনত দুলিয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালাক আক্ৰমণ! বিধায়কগৰাকীক পত্নী সন্তানসহ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰাৰ সময়তে চলন্ত ট্ৰেইনত এই ঘটনা। এই অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে।
অভিযোগ অনুসৰি বিধায়ক তেৰছ গোৱালা নিজ পত্নীসহ দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল। ডিব্ৰুগড়লৈ গৈ থকাৰ অৱস্থাতে তেওঁ বহি যোৱা ডবাৰ যাত্ৰীয়ে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছ। অভিযোগ অনুসৰি একেটা ডবাতে যাত্ৰা কৰা আন যাত্ৰীয়েও তেওঁক আক্ৰমণ কৰিছে।

অভিযুক্ত জন ৰমাকান্ত ৰায় লামডিং নেতাজী ৰোডৰ বাসিন্দা বুলি জানিব পৰা গৈছে। লামডিং ৰেল ষ্টেছনৰ পৰা অভিযুক্ত ৰমাকান্ত ৰায়ক লামডিং আৰক্ষীয়ে আটক কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button