জীৱনশৈলীধৰ্মীয়ভাৰত

৭ খনকৈ চহৰত বিক্ৰী কৰিব নোৱাৰিব মাংস আৰু মদ

ঘোষণা কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

৭ খনকৈ চহৰত বিক্ৰী কৰিব নোৱাৰিব মাংস আৰু মদ। এই ঘোষণা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

শ্ৰীকৃষ্ণ জন্মাষ্টোমীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি যোগী আদিত্য নাথ চৰকাৰে নিষেধাজ্ঞা জাৰি কৰে মদ আৰু মাংসত।

মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে, উত্তৰ প্ৰদেশৰ মথুৰাৰ বৃন্দাবন, গোবৰ্দ্ধনস নন্দগাঁও, বৰসানা, গোকুল, মহানব আৰু বলদেবত অতি শীঘ্ৰেই মাংস আৰু সুৰা বন্ধ কৰা হ’ব। তাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত লোক সকলৰ অন্য ব্যৱসায় কৰাৰ সুবিধা দিয়া হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে ”২০১৭ চনত জনতাই বিচৰা ধৰণে মথুৰা অথবা বৃন্দাবন নগৰকলৈ নগৰ নিগম গঠন কৰা হৈছিল। তাৰ পিছত এই সমূহক পৱিত্ৰ তীৰ্থস্থল হিচাপে ঘোষণা কৰা হৈছিল।এতিয়া জনতাই বিচাৰে যে এই পৱিত্ৰ ঠাই সমূহত মদ আৰু মাংস বিক্ৰী বন্ধ হওক। মই আশ্বাস দিছো যে বন্ধ হ’ব”।

মাংস আৰু মদ ব্যবসায়ৰ নিষেধজ্ঞাত মথুৰা প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মথুৰাক বিকশিত চহৰ হিচাপে গঢ়াৰ সংকল্প যোগী আদিত্য নাথৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.