Socialপৰিৱেশবতৰ

মুষলধাৰা বৰষুণৰ ফলত বানৰ কবলত মুম্বাই

অব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা

মায়ানগৰী মুম্বাইত প্ৰৱল বৃষ্টিপাত৷ মুষলধাৰা বৰষুণৰ ফলত মহানগৰখনৰ প্ৰায়বোৰ অঞ্চল বানৰ কবলত৷ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা৷ বুধবাৰে নিশাৰে পৰা অব্যাহত আছে নেৰানেপেৰা বৰষুণ।

সদাব্যস্ত থানেৰ ভিবেন্দ্ৰীত নেৰানেপেৰা বৰষুণৰ ফলত তিনি-চাৰিফুট পৰ্যন্ত পানী হৈছে ৰাজপথ আৰু আবাসী সকলৰ বাসগৃহত৷ প্ৰলয়ংকাৰী বানত আৱদ্ধ হৈ পৰে ৫০ জনকৈ লোক৷ যোৱা নিশাৰে পৰা দুৰ্যোগ প্ৰশমন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানে নিৰাপদে উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ মুম্বাই প্ৰশাসনে সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰিছে হাই এলাৰ্ট৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button