অপৰাধভাৰত

অৱশেষত আৰক্ষীৰ জালত ভাইৰেল ভিডিঅ’ৰ ৬ পাষণ্ড

এগৰাকী যুৱতীক অমানষিক নিৰ্যাতন চলোৱাৰ ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। বাংগালুৰুৰ ৰামমূৰ্থি আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ৬জনক গ্ৰেপ্তাৰ কৰে।  গোটেই চক্ৰটোৱে নাৰী সৰবৰাহৰ সৈতে জড়িত বুলি আৰক্ষীয়ে অনুসন্ধানত জানিব পাৰিছে।

ভিডিঅ’টোত দেখা যোৱা নিৰ্যাতনৰ বলি যুৱতীগৰাকীৰ লগতে অভিযুক্ত আটাইয়ে বাংলাদেশৰ বুলি পোহৰলৈ আহিছে। ভাৰতীয় নাগৰিকৰ নথিপত্ৰ তৈয়াৰ কৰি ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি বাংগালুৰুত আছিল এই চক্ৰটোৱে।

ঘটনাটোত নিৰ্যাতনৰ বলি হোৱা ২২ বছৰীয়া যুৱতীগৰাকীৰ বৰ্তমান কোনো সন্ধান পোৱা নাই যদিও যুৱতীগৰাকী আন এখন ৰাজ্যত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

অভিযুক্তকেইগৰাকীয়ে যুৱতীগৰাকীক অমানুষিক নিৰ্যাতন চলোৱাৰ লগতে দলবদ্ধভাৱে ধৰ্ষণ কৰা বুলি জনা্ইছে।

আৰক্ষীয়ে এই নাৰী সৰবৰাহকাৰী চক্ৰটোৰ সৱিশেষ উলিওৱাৰ বাবে ব্যাপক অনুসন্ধানত নামি পৰিছে।

ভাইৰেল ভিডিঅ’ৰ ঘটনাটো বাংগালুৰুত প্ৰায় ছয়দিনৰ পূৰ্বে সংঘটিত হৈছিল। বাংগালুৰুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে ভিডিঅ’ ক্লিপৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি তথা অভিযুক্তসকলে জেৰাত প্ৰকাশ কৰা ভাষ্যৰ ভিত্তিত এটা ধৰ্ষণ, নিৰ্যাতন আৰু আইনৰ সংশ্লিষ্ট ধাৰা অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ আৰোপ কৰা হৈছে।

তথ্য মতে, আটাইকেইজন একেটা মানৱ সৰবৰাহৰ চক্ৰৰ লগত জড়িত। টকা-পইচাৰ মতানৈক্যৰ বাবে অপৰাধীকেইজনে বাংলাদেশৰ পৰা মানৱ সৰবৰাহৰ বাবে অনা যুৱতীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল।

উল্লেখ্য যে, ভিডিঅ’টো প্ৰত্যক্ষ কৰি ঘটনাৰ বলি যুৱতীগৰাকী দেশৰ এই অংশৰ বুলি অনুমান কৰা হৈছিল আৰু উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button