অপৰাধধাৰ্মিক

বকৰী ঈদৰ নামাজ পাঠ কৰি থকাৰ সময়তে ভয়ংকৰ ৰকেট আক্ৰমণ

আতংকময় পৰিস্থিতি

আফগানিস্থানৰ ৰাজধানী কাবুলত ভয়ংকৰ ৰকেট আক্ৰমণ৷ ৰাষ্ট্ৰপতি ভৱনৰ সমীপতে হোৱা এই আক্ৰমণৰ পিছতে সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ৷ বকৰী ঈদৰ নামাজ পাঠ কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা৷

সেই সময়ত স্বয়ং ৰাষ্ট্ৰপতি আছিফ ঘানী, ৰাষ্ট্ৰপতি ভৱনৰ বিষয়া-কৰ্মচাৰী আৰু সেনাৰ উচ্চপদস্থ বিষয়াৰে সমহীয়া নামাজত ভাগ লৈছিল৷ ৰকেট আক্ৰমণত কোনো লোক হতাহত হোৱা নাই যদিও ৰাজধানী চহৰখনৰ বাসিন্দা সকল আতংকিত হৈ পৰিছে৷আনহাতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা ৰাষ্ট্ৰপতি ভৱনৰ সমীপতে সংঘটিত ৰকেট আক্ৰমণ তালিবানৰ দ্বাৰাই সংঘটিত হৈছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি আছিফ ঘানীয়ে৷

উল্লেখ্য যে, আমেৰিকান সৈন্য দেশখনৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ পিছৰে পৰা পুনৰ সক্ৰিয় হৈ উঠিছে তালিবান সন্ত্ৰাসবাদী৷ ইতিমধ্যে দেশখনৰ দক্ষিণ প্ৰান্তৰ কেইবাখনো জিলা তালিবানৰ দখলত৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 1 =

Back to top button