Covid-19SocialSocial Networkপ্ৰযুক্তিভাৰতমনোৰঞ্জন

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন ব্যতিক্ৰমী বিবাহ! প্ৰযুক্তিৰ সম্পুৰ্ণ ব্যৱহাৰ হৈছে বিবাহখনত

ক'ভিড নিয়ম অমান্য নকৰাকৈয়ে ৪৫০গৰাকী অতিথিক আতিথ্য কৰিবলৈ সাজু হৈছে পশ্চিম বংগৰ সন্দিপন সৰকাৰ আৰু আদিতি দাসে। প্ৰযুক্তিৰ ব্যৱহাৰে সকলো অসম্ভৱেই সম্ভৱ কৰিব পাৰে-এই কথাই প্ৰমাণ কৰিলে দুয়োগৰাকীয়ে।

পশ্চিম বংগৰ এখন ব্যতিক্ৰমী বিবাহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ক’ভিড নিয়ম অমান্য নকৰাকৈয়ে ৪৫০গৰাকী অতিথিক আতিথ্য কৰিবলৈ সাজু হৈছে পশ্চিম বংগৰ সন্দিপন সৰকাৰ আৰু আদিতি দাসে। প্ৰযুক্তিৰ ব্যৱহাৰে সকলো অসম্ভৱেই সম্ভৱ কৰিব পাৰে-এই কথাই প্ৰমাণ কৰিলে দুয়োগৰাকীয়ে।

যি সময়ত ক’ভিড মহামাৰীৰ প্ৰভাৱৰ ফলত বহুকেইখন বিয়া পিছুৱাই দিয়া হৈছে , তেনে সময়তে ব্যতিক্ৰমী উপায়েৰে বিবাহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দুই যুৱক-যুৱতীয়ে।
পশ্চিম বংগৰ এই বিবাহখনত অতিথিসকলে গুগল মিটৰ জড়িয়তে বিবাহ অনুষ্ঠানত উপস্থিত থাকিব আৰু ভিডিঅ’ কনফাৰেন্সিং প্লেটফৰ্ম ব্যৱহাৰ কৰি বিয়াৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব। তাৰ লগতে Zomatoৰ জৰিয়তে সকলো অতিথিৰ বাবে খাদ্য যোগানৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, ২৮ বছৰীয়া সন্দিপন সৰকাৰে ক’ভিড-১৯ত আক্ৰান্ত হৈ চাৰি দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছতে ডিজিটেল বিবাহ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + eighteen =

Back to top button