অপৰাধঅসম

শ্বেৰমেন আলীৰ চিএম ভিজিলেন্স চেল গোচৰত জামিন মঞ্জুৰ

চৰ্তৰ ভিত্তিত বিশেষ আদালতৰ দ্বাৰা জামিন প্ৰদান শ্বেৰমেন আলীক

নিলম্বিত বিধায়ক শ্বেৰমেন আলীক চৰ্তৰ ভিত্তিত বৃহস্পতিবাৰে বিশেষ আদালতৰ দ্বাৰা জামিন প্ৰদান কৰা হয়।

আলীক মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষে বিধায়ক পুঁজি আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। বিধায়কজনৰ বিৰুদ্ধে গীতানগৰ আৰু পানবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল।

দুৰ্নীতিৰ গোচৰৰ বাবে তেওঁক এছভিচিৰ অধীনত পাঁচ দিনৰ আৰক্ষী ৰিমাণ্ডলৈ প্ৰেৰণ কৰা হৈছিল।

মুখ্য ন্যায়িক দণ্ডাধীশ আদালতক ভিজিলেন্স চেলৰ দ্বাৰা জাননী দিয়া হৈছিল যে আলীক তেওঁলোকৰ জিম্মাত আৰু প্ৰয়োজন নাই।

তদুপৰি, দৰং জিলাত উচ্ছেদ অভিযান সন্দৰ্ভত ‘উচতনিমূলক’ মন্তব্য কৰাৰ বাবে দেশদ্ৰোহৰ অভিযোগত আলীৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰা হৈছে। তেওঁক দিচপুৰত তেওঁৰ এমএলএ কোৱাৰ্টাৰৰ পৰা আটক কৰা হৈছিল।

তেওঁক ইতিমধ্যে দলৰ পৰা নিলম্বিত কৰা হৈছে। কংগ্ৰেছ দলে তেওঁক প্ৰায়ে বিতৰ্কিত মন্তব্য দি বিজেপিৰ কথিত ‘politics of polarization’ত ইন্ধন যোগোৱাৰ বাবে দোষাৰোপ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.