পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

কালিৰে পৰা সন্ধানহীন হৈ থকা যাত্ৰীবাহী বাছৰ সন্ধান ওলাল

৫০০ মিটাৰ দ’ খাৱৈত, ১৩ মৃতদেহ উদ্ধাৰ

কালিৰে পৰা সন্ধানহীন হৈ থকা যাত্ৰীবাহী বাছৰ সন্ধান ৫০০ মিটাৰ দ’ খাৱৈত, ১৩ মৃতদেহ উদ্ধাৰ।

এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ১১ আগষ্ট, বুধবাৰে পাহাৰৰ এক বৃহৎ অংশ খহি ৰাজপথত পৰিছিল। সেই ভূমিস্খলনত কেইবাখনো বাহন শিল মাটিৰ ভিতৰত আৱদ্ধ হৈ পৰাৰ লগতে আন কেইবাখনো বাহন পাহাৰৰ পৰা বহু মিটাৰ তললৈ সৰি পৰিছিল। তাৰ ভিতৰত এখন যাত্ৰীবাহী বাছো আছিল। যিখন বাছৰ কালিৰে পৰা কোনো সন্ধান পোৱা হোৱা নাছিল।

আজি ৰাতিপুৱাই দুৰ্ঘটনা সংঘটিত হোৱা ঠাইৰ পৰা ৫০০ মিটাৰ তলৰ দ’ খাৱৈত উদ্ধাৰ হৈছে বাছৰ ভগ্নাৱশেষ। লগতে বাছৰ ভিতৰত উদ্ধাৰ হয় এটি মৃতদেহ। অন্য যাত্ৰী সকলৰ বৰ্তমানেও কোনো সন্ধান পোৱা হোৱা নাই।

এই ভূমিস্খলন ইমানেই ভয়ংকৰ আছিল যে,  ৬০ ৰ পৰা ৭০ মিটাৰ পৰ্যন্ত ৰাজপথ আগুৰি ভূমিস্খলন হৈছিল।

বৰ্তমানলৈ উদ্ধাৰকাৰী দলে ১৩ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে আনহাতে ১৪ গৰাকী লোকক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানেও সন্ধান নাই অন্য বহু লোকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.