Government SchemeSocialঅপৰাধঅসমঅসম আৰক্ষীআঞ্চলিকৰাজনৈতিক

MGNREGA কামত ফাকি, নাম মাত্ৰ কাম কৰি দিলে ৰাইজৰ চকুত ধুলি

৩ লাখ ৭১ হাজাৰ টকীয়া পথৰ কামত ২০-২৫ ট্ৰেক্টৰ মাটি পেলাইয়েই সমুদায় টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে গাওঁ খনৰ ৰাইজে

অকল দুৰ্নীতিৰ সম্ৰাটেই নহয় মেনেজ মাষ্টাৰো, যিমানেই মেনেজ নকৰক কিয় এইবাৰ দুৰ্নীতি ঢাকি ৰখাত ব্যৰ্থ মেনেজ মাষ্টৰ।

Road

ধুবুৰী জিলাৰ সীমান্তৱৰ্তী বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অধিনস্ত ঔডুবী গাওঁ পঞ্চায়তৰ সভাপতিয়ে খেলুৱাপাৰা দ্বিতীয় খণ্ড সুতিৰমুখ গাওঁত যোৱা ২০২০-২১ বৰ্ষত MGNREGA আচনিৰ অধীনত ৩ লাখ ৭১ হাজাৰ টকীয়া পথৰ কামত ২০-২৫ ট্ৰেক্টৰ মাটি পেলাইয়েই সমুদায় টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে গাওঁ খনৰ ৰাইজে। নাম মাত্ৰ কাম কৰি যাতায়তৰ ক্ষেত্ৰত ৰাইজক হাৰাশাস্তি কৰাৰ উপৰিও বাৰিষা কালত সম্পুর্ন ৰূপে যাতায়ত বন্ধ হৈ পৰাৰ শংকাত ভুগী বাৰিষাৰ আগতে কাম সম্পুর্ন কৰাৰ দাবী ৰাইজৰ ।

উল্লেখ্য যে, এই জনেই ঔডুবী গাওঁ পঞ্চায়তৰ সভাপতি মফিদুল ইছলাম, যিজনৰ বিৰুদ্ধে কেইদিনমান আগত এটা পথতে দুবাৰকৈ চতুৰ্দশ বিত্তীয় আয়োগৰ চৰকাৰী ধন আবন্টন লৈ এক বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল।

protest

নিজকে যোগ্য ভোগ্য বসুন্ধৰা বুলি জ্ঞান কৰা দুৰ্নীতিৰ সম্ৰাট পঞ্চায়ত সভাপতি মফিদুল ইছলামৰ বিৰুদ্ধে তদন্ত নকৰাৰ আৰৰ ৰহস্য কি সেয়া পৰবৰ্তী সময়তহে জানিব পৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.