অসমজীৱনশৈলীমনোৰঞ্জনসংগীতসংস্কৃতিসাহিত্য

আজি শিল্পী দিৱস! শিল্পী দিৱসৰ দিনটোত সুন্দৰৰ সাধকক স্মৰণ

অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা সুন্দৰৰ সাধক গৰাকীক আজি সমগ্ৰ ৰাজ্যজুৰি সোঁৱৰণ...

আজি শিল্পী দিৱস৷ একাধাৰে এগৰাকী পৰিচালক, নাট্যকাৰ, সুৰকাৰ লেখক আৰু প্ৰৱন্ধকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৫১ চনৰ আজিৰ দিনটোতেই ইহলীলা সম্বৰণ কৰিছিল। অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা সুন্দৰৰ সাধক গৰাকীক আজি সমগ্ৰ ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে।

১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামুলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ছবিক্ষেত্ৰতো উদ্গনি জগাইছে।

আজি শিল্পী দিৱস! শিল্পী দিৱসৰ দিনটোত সুন্দৰৰ সাধকক স্মৰণ

উল্লেখযোগ্য যে, ১৯৩৩ চনৰ শেষৰফালে জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰিছিল। ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল আগৰৱালই। তাৰপিছতে ১৯৪১ চনৰ পৰা জ্যোতি প্ৰসাদ আগৰৱালাই স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক কেইখন হ’ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতী কইনা আৰু খনিকৰ৷ একেদৰে জ্যোতি প্ৰসাদ আগৰৱালাই 300 তকৈও অধিক গীত ৰচনা কৰি নিজে সুৰ দিছিল আৰু সেই সমূহকে জ্যোতি সংগীত বুলি কোৱা হয়৷

এই গৰাকী মহান মনিষি জ্যোতিপ্ৰসাদ আগৰৱালৰ মৃত্যু তিথিৰ দিনটোক প্ৰতিবছৰে শিল্পী দিৱস হিচাপে পালন কৰা হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − fifteen =

Back to top button