অভিনয়জীৱনশৈলীফটোবলিউডবোলছবিভাৰত
Trending

অচিনাকী হৈ পৰিল আয়েশা টাকিয়া, ধুনীয়া হ’বলৈ গৈ আয়েশাই এয়া কি কৰিলে?

ইনষ্টাগ্ৰামত এটা বুমেৰাং ভিডিঅ' শ্বেয়াৰ কৰি ট্ৰলৰ সন্মুখীন হৈছে আয়েশা

‘তাৰজান’, ‘দিল মাংগে ম’ৰ’, ‘চ’সা থা না’, ‘সাদী নাম্বাৰ ১’, ‘সাদী চে পেহলে’ আদিৰ দৰে বহুকেইখন জনপ্ৰিয় চিনেমাত সাৱলীল অভিনয়ৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা বলিউডৰ অভিনেত্ৰী আয়েশা টাকিয়া বহুতৰে প্ৰিয় অভিনেত্ৰী। কিন্তু শেহতীয়াকৈ চৰ্চালৈ আহিছে অভিনেত্ৰীগৰাকী।

দীৰ্ঘদিন ধৰি বলিউডৰ পৰ্দাত ভুমুকি নমৰা অভিনেত্ৰীগৰাকীক লৈ সকলোৰে মাজত চলিছে ব্যাপক চৰ্চা। ইনষ্টাগ্ৰামত এটা বুমেৰাং ভিডিঅ’ শ্বেয়াৰ কৰি ট্ৰলৰ সন্মুখীন হৈছে আয়েশা।

সেউজীয়া ৰঙৰ এযোৰ পোছাক পিন্ধি আয়েশাই আপলোড কৰা ভিডিঅ’ দেখি হতাশ হৈ পৰে অভিনেত্ৰীগৰাকীৰ অনুৰাগী। ওঁঠ আৰু মুখৰ প্লাষ্টিক চাৰ্জাৰী কৰা অভিনেত্ৰীগৰাকীক দেখি আয়েশাক ট্ৰল কৰে অনুৰাগীসকলে।

বহুতেই কয় যে, পূৰ্বতে অভিনেত্ৰীগৰাকী দেখাত এতিয়াতকৈ বেছি ভাল আছিল। শেহতীয়াকৈ তেখেতক কৰা ট্ৰল সন্দৰ্ভত মুখ খুলে আয়েশা টাকিয়াই। তেওঁ কয় যে, ‘কোনোবাই যদি আপোনাক সমালোচনা কৰে বা দেখাক লৈ কিবা কয়, তেন্তে মনত ৰাখিব যে, আপুনি অদ্বিতীয় আৰু কোনো গুণেই আনতকৈ কম নহয়। আপুনি যি সপোন পুহি ৰাখিছে, তাৰবাবে নিজেই যুঁজিব লাগিব’। দেখাক লৈ অভিনেত্ৰী আয়েশা টাকিয়াক লৈ কৰা ট্ৰলৰ উচিত প্ৰত্যুত্তৰ দি অভিনেত্ৰীগৰাকীয়ে দেখুৱাইছে তেখেতে সমালোচনাৰ সন্মুখীন হ’ব পৰা সাহসৰ কথা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.