অসমগুৱাহাটীনিৰ্বাচনবিধানসভাৰাজনৈতিক

ৰাজ্যত নিৰ্বাচন কেন্দ্ৰীক ৰণহুংকাৰ

কংগ্ৰেছে ৰচিছে গোপন ষড়যন্ত্ৰ

নিৰ্বাচনী বৈতৰণী পাৰ হʼবলৈ ৰণনীতি ৰচিছে কংগ্ৰেছে। বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে বিৰোধী ঐক্যৰ বাবে আগভাগ লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মঙ্গলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় বৈঠক।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি দলটোৰ সাংসদ-বিধায়কসকল, উত্তৰ-পূবৰ প্ৰভাৰী জীতেন্দ্ৰ সিং কংগ্ৰেছ দলৰ পাঁচখন উপ-সমিতিৰ অধ্যক্ষসকলৰ সৈতে বৈঠকত মিলিত হয়। ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰ, ৰিপুণ বৰা আৰু ভূপেন কুমাৰ বৰাকে প্ৰমুখ্য কৰি জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত কংগ্ৰেছৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰী ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় ।

গৌৰৱ গগৈয়ে কয়, “কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া বিৰোধীৰ বিশেষ বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধীৰ স্থিতি সন্দৰ্ভত বিশদ আলোচনা কৰা হ’ব । এই বৈঠকত ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকিব ।” গুৰুত্বপূৰ্ণ কথা এয়ে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দয়িত্ব লোৱাৰ পাছত গৌৰৱ গগৈ প্ৰথমবাৰৰ বাবে বিৰোধীৰ লগত বৈঠকত বহিব । কংগ্ৰেছ দলে বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে ৰণনীতি প্ৰস্তুতৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে । ইয়াৰে অংশ হিচাপে বুধবাৰে ৰাজ্যৰ বিৰোধী শক্তিৰে মিলিত হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 14 =

Back to top button