অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পবিত্ৰ ৰাখী বন্ধনৰ দিনাই মালিগাঁৱৰ উৰণ সেতু “নীলাচল” মুকলি কৰি উৎফুল্লিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা

অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ। পবিত্ৰ ৰাখী বন্ধনৰ দিনাই মালিগাঁৱৰ উৰণ সেতু “নীলাচল” মুকলি কৰি উৎফুল্লিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। সেতুখনে অঞ্চলটোৰ যানজঁট নিৰ্মূল কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী। গুৱাহাটী বিমানবন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ পথ নিৰ্মাণৰ পৰিকল্পনাও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধাৰাপুৰ চাৰিআলি, ভৰলুমুখ ৰে’ল ক্ৰচিং, লালগণেশ আৰু GS ৰোডতো নিৰ্মাণ কৰা হ’ব উৰণ সেতু। কাজিৰঙাত নিৰ্মাণ হ’ব ২২ কিঃমিঃ দৈৰ্ঘৰ সেতু। “শ্ৰদ্ধাঞ্জলি” হিচাপে নামকৰণ কৰা হ’ব জু-ৰোডত নিৰ্মীয়মান উৰণ সেতু। নিজৰ ভাষণত গুৱাহাটীত দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে নিৰ্মাণ কৰাত গুৰুত্ব দিয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

পবিত্ৰ ৰাখী বন্ধনৰ দিনাই মালিগাঁৱৰ উৰণ সেতু "নীলাচল" মুকলি কৰি উৎফুল্লিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − five =

Back to top button