অসমচিকিৎসাদৈনিক বাতৰি

মাজুলী জিলা চিকিৎসালয়ৰ বৃহৎ সফলতা! ৰোগীৰ পেটৰ পৰা উলিয়ালে ৯ কেজি ২০০ গ্ৰাম ওজনৰ এটা বৃহৎ আকাৰৰ বিনাইন টিউমাৰ

মাজুলী জিলা চিকিৎসালয়ৰ বৃহৎ সফলতা! ৰোগীৰ পেটৰ পৰা উলিয়ালে ৯ কেজি ২০০ গ্ৰাম ওজনৰ এটা বৃহৎ আকাৰৰ বিনাইন টিউমাৰ

প্ৰায়ে বিৰ্তকৰ জৰিয়তে সংবাদ শিৰোনাম দখল কৰা মাজুলী জিলা চিকিৎসালয়ৰ এক বৃহৎ সফলতা। গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ৰ চিকিৎসকৰ এটি দলে সম্পন্ন কৰিলে এটা বৃহৎ অস্ত্ৰোপচাৰ। ৰোগীৰ পেটৰ পৰা উলিয়ালে ৯ কেজি ২০০ গ্ৰাম ওজনৰ এটা বৃহৎ আকাৰৰ বিনাইন টিউমাৰ। ডাক্তৰ টিকেন্দ্রজিৎ টাইডৰ নেতৃত্বত শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ৰ চিকিৎসকৰ এটি দলে সম্পন্ন কৰিলে এই অস্ত্ৰোপচাৰ। প্ৰায়ে ডাক্তৰ নথকা বা উপযুক্ত চিকিৎসা লাভ নকৰাৰ অভিযোগ উত্থাপন হৈ অহা জিলা চিকিৎসালয়খনত সফলতাৰে সম্পন্ন হয় জটিল অস্ত্ৰোপচাৰটো। অস্ত্ৰোপচাৰৰ অন্তত ৰোগীগৰাকী সম্পূৰ্ণ সুস্থ। ৰোগীগৰাকী মাজুলীৰ বৰকলিয়াৰ জোণমনি মিলি বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.