দুৰ্ঘটনাভাৰত

Jaguar Land Rover চলাই গ্ৰেপ্তাৰ হ’ল PAYTMৰ CEO…!

খুন্দা মাৰি ঘটনাস্থলীৰ পৰা ততালিকৈ পলায়ন কৰে Paytmৰ CEO গৰাকীয়ে।

গ্ৰেপ্তাৰ হ’ল ভাৰতৰ অনলাইন মাল্টিনেশ্যনেল টেকন’লজী কোম্পানী Paytmৰ CEO বিজয় শেখৰ শৰ্মা। ফেব্ৰুৱাৰী মাহতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে Paytmৰ প্ৰতিষ্ঠাতাগৰাকীক।

নিয়ন্ত্ৰণহীনভাৱে বিলাসী বাহন jaguar land rover চলাই যোৱা বিজয় শেখৰ শৰ্মাই আকস্মিকভাৱে খুন্দা মাৰে দক্ষিণ দিল্লীৰ আৰক্ষী আয়ুক্তৰ বাহনত।

অভিযোগ অনুসৰি, যোৱা ২২ ফেব্ৰুৱাৰীত তীব্ৰ বেগেৰে যোৱা বিজয় শেখৰ শৰ্মাই মাডাৰ ইণ্টাৰনেশ্যনেল স্কুলৰ বাহিৰত ৰখাই থোৱা DCP বেনীতা মেৰী জেইকাৰৰ বাহনত খুন্দা মাৰে। খুন্দা মাৰি ঘটনাস্থলীৰ পৰা ততালিকৈ পলায়ন কৰে Paytmৰ CEO গৰাকীয়ে।

উল্লেখ্য যে, DCP গৰাকীৰ বাহনখনৰ চালকজনে ততাতৈয়াকৈ CEO বিজয় শেখৰৰ LAND ROVERৰখনৰ নম্বৰটো প্ৰত্যক্ষ কৰে আৰু DCP গৰাকীক খবৰ দিয়ে। আৰু প্ৰথম পৰ্যায়ৰ অনুসন্ধানৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় CEO গৰাকীক। অৱশ্যে, পৰৱৰ্তী সময়ত জামিন প্ৰদান কৰে বিজয় শেখৰ শৰ্মাক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + one =

Back to top button