জানেনে? মহাকাশত প্ৰথম উৎপন্ন হোৱা পাচলি আলু।
আলু পাচলিৰ ৰজা হ'লেও আলুৰ নেতিবাচক ক্ৰিয়াই বেছি।

আলু বাৰু আপোনাৰ প্ৰিয় খাদ্যৰ তালিকাৰ অন্যতম নেকি? ভাতসাঁজৰ সৈতে আলু থকা পাচলি এখন নাথাকিলে নহয় নেকি? আপুনি বাৰু জানেনে আমাৰ সকলোৰে প্রিয় পাচলিৰ তালিকাৰ অন্যতম আলুৰ আছে এক অভিলেখ।
মহাকাশত প্ৰথম উৎপন্ন হোৱা পাচলিয়েই আলু। আলু খাই ভাল পাও হয়, মজাৰ কথাটো হৈছে আলুৰ প্ৰজাতি ৪ হাজাৰতকৈও অধিক। অৱশ্যে আলু খায় ভালপোৱা সকলৰ বাবে আছে এখন দীঘলীয়া বেমাৰৰ তালিকাও। আলু পাচলিৰ ৰজা হ’লেও আলুৰ নেতিবাচক ক্ৰিয়াই বেছি।
আলুক লৈ বহুতৰে আকৌ থাকে এক অন্য আবেগ। আমাৰ সকলোৰে আলু নহ’লে ভাত সাজ নোহোৱা স্বভাৱ থাকিলেও জানেনে বাৰু আলু ভাৰতৰ পাচলি নহয়। ভাৰতলৈ আলু পৰ্তুগীজ আৰু ডাচ্চ ব্যৱসায়ীসকলৰ সৈতে আহিছিল আৰু প্ৰথমে মালাবাৰ উপকূলত ইয়াৰ ব্যৱহাৰ হৈছিল আৰু তাৰ পাছত বংগৰ পৰা উত্তৰ ভাৰতলৈ সমগ্ৰ দেশতে কৃষকসকলে ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল।
ভাৰতত আলু নোখোৱা কোনো ব্যক্তি হয়তো নাই। পাচলিৰ এই ৰজা কিন্তু এজন বিদেশীহে। ষোল্লশ শতিকাৰ আগলৈকে কেৱল পেৰুৰ মানুহে আলু ব্যৱহাৰ কৰিছিল। ইয়াৰ বাহিৰে সমগ্ৰ বিশ্ব অজ্ঞাত আছিল আলুৰ পৰিচয়ৰ বিষয়ে। কলম্বাছে সমগ্ৰ বিশ্ব ভ্ৰমণ কৰাৰ সময়ত তেওঁ সাগৰীয় পথেৰে পৃথিৱীৰ বিভিন্ন মহাদেশলৈ আলু পৰিবহন কৰিছিল। তাৰ পাছত বংগৰ পৰা উত্তৰ ভাৰতলৈ সমগ্ৰ দেশতে কৃষকসকলে আলুৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল।
১৯৯৫ চনৰ আৰম্ভণিতে, চীন আৰু নাছাৰ এক যুটীয়া অভিযানত আলু মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল আৰু প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বাহিৰত ইয়াৰ খেতি কৰা হৈছিল। অষ্টাদশ শতিকাৰ পিছত, যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত আলুৰ অভাৱ অনুভৱ কৰিছিল, তেতিয়া ইউৰোপৰ পৰা আমদানি কৰাৰ পৰিৱৰ্তে ভাৰততে ইয়াৰ খেতি কৰাৰ নীতি গ্ৰহণ কৰিছিল। এই নীতিৰ অধীনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৃষকসকলক বৃহৎ পৰিমাণত কম মূল্যত আলু গছ বিক্ৰী কৰিছিল। তাৰ পাছত লাহে লাহে আলু দেশৰ প্ৰতিটো প্ৰান্ততে খেতিৰ জড়িয়তে বিয়পি পৰিছিল।