Socialঅসম

কন্ঠশিল্পী জুবিন গাৰ্গলৈ বিশেষ সন্মান, প্ৰদান কৰা হ’ব চ্যুকাফা বঁটা

২৫টা বৰ্ষৰ লোকসংস্কৃতিৰ বিকাশৰ বাবে জুবিন গাৰ্গক দিয়া হ'ব চ্যুকাফা বঁটা

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ বিশেষ সন্মান। জুবিন গাৰ্গলৈ আগবঢ়োৱা হ’ব চ্যুকাফা সমন্বয় বঁটা।

২০২১ বৰ্ষৰ চ্যুকাফা সমন্বয় বঁটা আগবঢ়োৱা হ’ব কন্ঠশিল্পী জুবিন গাৰ্গলৈ। তেওঁলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে অসম জাতীয়তাবদী যুৱ ছাত্ৰ পৰিষদে। ২৫টা বৰ্ষৰ লোকসংস্কৃতিৰ বিকাশৰ বাবে জুবিন গাৰ্গক দিয়া হ’ব চ্যুকাফা বঁটা।

বৃহস্পতিবাৰে, সোণাৰিত আয়োজন কৰা অসম দিৱসৰ কাৰ্যসূচীত এই কথা ঘোষণা কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে।

উল্লেখ্য যে, চলিত মাহতেই জুবিন গাৰ্গক প্ৰদাান কৰা হ’ব এই বঁটা। গুৱাহাটীত আয়োজন কৰিবলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদানৰ কথা ঘোষণা কৰে পলাশ চাংমায়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 2 =

Back to top button