ভাৰতৰাজনৈতিক

পঞ্জাৱত এইবাৰ আপৰ চৰকাৰ, আনুষ্ঠানিকভাৱে শপত ল’লে মুখ্যমন্ত্ৰী ভগৱন্ত মানে..

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও শুভেচ্ছা জনালে নৱনিযুক্ত মুখ্যমন্ত্রীগৰাকীক।

আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰিলে পঞ্জাৱৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ভগৱন্ত মানে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে পঞ্জাৱৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপতগ্ৰহণ কৰে। ভগত সিঙৰ পিতৃৰ গাঁও খাতকাৰ কালানত শপত লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

শপতগ্ৰহণ অনুষ্ঠানত মানে কয় যে, দিল্লীক দৰ্শন কৰাৰ দৰে পঞ্জাৱ দৰ্শন কৰিবলৈ আহিব সকলো। উল্লেখ্য যে, শনিবাৰে শপত ল’ব মুখ্যমন্ত্রী মানৰ কেবিনেট মন্ত্রীয়ে। ১১৭ বিধানসভা আসনৰ ৯২ আসন দখল কৰিছিল আপে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও শুভেচ্ছা জনালে নৱনিযুক্ত মুখ্যমন্ত্রীগৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.