অপৰাধঅসমৰাষ্ট্ৰীয় সুৰক্ষা

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই তৎপৰ অসম আৰক্ষী

নতুন গতি লাভ কৰিছে অসম আৰক্ষীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অধিক তৎপৰ হ’বলৈ আহ্বান জনোৱাৰ পাছতেই এতিয়া যেন নতুন গতি লাভ কৰিছে আৰক্ষীয়ে। অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী। সমান্তৰালভাৱে দেৰগাঁও আৰক্ষীও হৈ পৰিছে অধিক তৎপৰ। ৰোধ কৰিবলৈ চেষ্টা কৰিছে ইটোৰ পাছত সিটোকৈ অপৰাধ মূলক কাৰ্যকলাপ।

সোমবাৰে দেৰগাঁও থানাৰ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি এটা গভাইত গাড়ী চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। যোৰহাট বৰিগাঁৱৰ ইন্দ্ৰ দাস নামৰ চোৰটোৱে দেৰগাঁৱৰ কুমাৰগাঁৱত আত্মগোপন কৰি আছিল। এই ঘটনা সংক্ৰান্তত দেৰগাঁও থানাত গোচৰ নং 255/2021,ভাৰতীয় দণ্ডবিধি আইনৰ 379 ধাৰাত এটি গোচৰ পঞ্জীভুক্ত কৰি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই মঙ্গলবাৰে বহুসময় খাপ পিটি এখন চুৰি বলেৰ’  পিক আপ ভান জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষী সুত্ৰৰ তথ্য মতে, গোলাঘাট জিলাখনত এটা বৃহৎ গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে আৰু অতি শীঘ্ৰেই এই চক্ৰটোৰ সৈতে জড়িত হৈ থকা প্ৰতিজন ব্যক্তিয়েই আৰক্ষীৰ জালত পৰিব। ইতিমধ্যেই আৰক্ষীয়ে নিজৰ জাল চপাই আনিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক মাধুৰ্য্য বৰুৱাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − four =

Check Also
Close
Back to top button