অসম

কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী, টেট উত্তীৰ্ণ শিক্ষাৰ্থীক মুখ্যমন্ত্ৰীয়ে প্রদান কৰিলে নিযুক্তি পত্র…

৬ বিদ্রোহী সংগঠনৰ কেডাৰক বিতৰণ কৰা হয় আৰ্থিক সাহায্য। ১০৩০ গৰাকী প্ৰাক্তন বিদ্ৰোহীক ৪ লাখকৈ টকাৰ চেক প্ৰদান

পহিলা ব’হাগত কাৰ্বি আংলঙৰ ডিফুত উপস্থিত মুখ্যমন্ত্রী। টেট উত্তীৰ্ণ শিক্ষাৰ্থীক মুখ্যমন্ত্ৰীয়ে প্রদান কৰিলে নিযুক্তি পত্র। ১০৮ গৰাকী ME টেট শিক্ষকক নিযুক্তি।

 

২৫ গৰাকী বিজ্ঞান শিক্ষককো নিযুক্তি পত্র প্রদান কৰে মুখ্যমন্ত্ৰীয়ে। ৬ বিদ্রোহী সংগঠনৰ কেডাৰক বিতৰণ কৰা হয় আৰ্থিক সাহায্য। ১০৩০ গৰাকী প্ৰাক্তন বিদ্ৰোহীক ৪ লাখকৈ টকাৰ চেক প্ৰদান। বাকী থকা ৯০০ কেডাৰকো এসপ্তাহৰ ভিতৰত চেক প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ।

সভাত উপস্থিত থাকে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম বিধান সভাৰ উপাধ্যক্ষ ড০ নোমল মমিন, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, পৰিষদৰ কাৰ্যবাহী সদস্যসকল, এম এ চি সকল, আৰক্ষী সঞ্চালক ভাস্কৰ জ্যোতি মহন্তৰ লগতে এডিজিপি হীৰেন চন্দ্ৰ নাথ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.