অসমআঞ্চলিকভাৰত

লিডুৰ কয়লাখনিৰ অন্য এক ৰহস্য!

কয়লাখনিত মৃত্যু হোৱা কাৰ্তিক গোৱালা, বিজয় মুণ্ডাৰ মৃত্যুৰ ক্ষতিপূৰণৰ দাবী। 

তিনিচুকীয়াৰ মাকুমৰ প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগাই থকা সময়তে চৰ্চাত আহিছে আন এক খবৰ। ডুমডুমা প্ৰেছ ক্লাবত ‘জোহাৰ লীগেল এছ’চিয়েট’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সংবাদমেল সম্বোধন। ২২ জানুৱাৰীত লিডুৰ কয়লাখনিত মৃত্যু হোৱা কাৰ্তিক গোৱালা, বিজয় মুণ্ডাৰ মৃত্যুৰ ক্ষতিপূৰণৰ দাবী জনাই সংবাদমেল সম্বোধন সংগঠনটোৰ।

লিডুৰ অবৈধ কয়লাখনিত কয়লা খনন কৰি থকা অৱস্থাত হঠাৎ গেছ নিৰ্গত হৈ মৃত্যু ঘটিছিল শ্ৰমিক দুজনৰ। এই সন্দৰ্ভত ভুক্তভোগী পৰিয়াল দুটাই লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষী থানাখনে। কয়লা মাফিয়া বিশাল তাঁতী, ৰূপম চক্ৰৱৰ্তী, ক্ষীতিশ দেৱনাথ, সঞ্জয় ঠাকুৰৰ কাম কৰিবলৈ গৈছিল শ্ৰমিক দুজন। মৃত শ্ৰমিক দুজনৰ দুই বিধৱা পত্নীক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী সংগঠনটোৰ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.