খেলৰাজনৈতিক

বন্দুকৰ নলীত আফগানিস্তান চলোৱা তালিবানে দেশৰ ক্রিকেটত দিব সমৰ্থন

ক্রিকেটত কোনোধৰণৰ হস্তক্ষেপ নকৰাৰ আশ্বাস তালিবানৰ

বন্দুকৰ নলীৰে আফগানিস্তানৰ ক্ষমতা দখল কৰা তালিবানে দেশৰ ক্রিকেটত দিব সমৰ্থন।

ক্রিকেটত কোনোধৰণৰ হস্তক্ষেপ নকৰাৰ আশ্বাস তালিবানৰ৷ জাতীয় ক্রিকেট দলৰ একাংশ সদস্যৰে হোৱা বৈঠকত এই প্রতিশ্রুতি দিয়ে তালিবান ৰাজনৈতিক কার্যালয়ৰ বিষয়ববীয়াই৷

তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে দেশখনৰ জনসাধাৰণৰ লগতে ক্রিকেটলৈও অন্ধকাৰ ভৱিষ্যৎ নামি আহিছিল৷

আফগানিস্তান ক্রিকেট দলটোৱে পাকিস্তানৰ বিপক্ষে খেলিবলগীয়া আগন্তুক এদিনীয়া শৃংখলাটোক লৈও অনিশ্চয়তা আহি পৰিছিল যদিও তালিবানৰ ৰাজনৈতিক কার্যালয়ৰ বিষয়ববীয়াই স্পষ্ট কৰি দিয়ে যে আফগানিস্তান ক্রিকেটক তেওঁলোকে সমর্থন দি যাব৷

এক সাক্ষাৎকালত আনাছ হাক্কানিয়ে কয় যে, তালিবানে দেশখনৰ জাতীয় ক্রিকেট দলটো আৰু খেলুৱৈসকলৰ সমস্যা সন্দর্ভত অচিৰেই কার্যব্যৱস্থা গ্রহণ কৰিব আৰু তালিবানে দেশৰ ক্রিকেটক সদায়েই সমর্থন দি যাব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.