Socialবলিউড

জামিন নাপালে কিং খানৰ পুত্ৰ আৰিয়ানে, আদালতত পুনৰ খাৰিজ আৰিয়ানৰ জামিন আবেদন…

২ অক্টোবৰত NCBয়ে মুম্বাইৰ এখন ক্ৰুজ জাহাজত ৰেভ পাৰ্টী কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান খানক। মঙলবাৰে, আৰিয়ানে কৰা জামিন আবেদনৰ বিৰোধিতা কৰি আদালতত পুনৰ এখন শপতনামা দাখিল কৰে NCBয়ে।

জামিন নাপালে আৰিয়ান খানে। স্থগিত ৰখা হ’ল বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি। মঙলবাৰে, মুম্বাই উচ্চ ন্যায়ালয়ে ড্ৰাগছ সেৱনৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি বুধবাৰলৈ স্থগিত ৰাখে।

জ্যেষ্ঠ অধিবক্তা আৰু প্ৰাক্তন এটৰনী জেনেৰেল মুকুল ৰোহাতগীয়ে আৰিয়ান খানৰ হৈ উচ্চ ন্যায়ালয়ত কৰিছিল জামিন আবেদন। কিন্তু আদালতে খাৰিজ কৰে আৰিয়ানৰ আবেদন।

ৰোহাতগীৰ মন্তব্য অনুসৰি আৰিয়ান খানৰ মেডিকেল টেষ্টৰ ৰিপ’ৰ্টত পোৱা নাই কোনো ড্ৰাগছ সেৱনৰ তথ্য। NCBয়ে পোৱা আৰিয়ানৰ হোৱাটছএপৰ মেছেজৰ সৈতে নাই আৰিয়ানৰ ক্ৰুইজ জাহাজৰ ৰেভ পাৰ্টীৰ কোনো সম্পৰ্ক।

২ অক্টোবৰত NCBয়ে মুম্বাইৰ এখন ক্ৰুজ জাহাজত ৰেভ পাৰ্টী কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান খানক। মঙলবাৰে, আৰিয়ানে কৰা জামিন আবেদনৰ বিৰোধিতা কৰি আদালতত পুনৰ এখন শপতনামা দাখিল কৰে NCBয়ে।

উল্লেখ্য যে, আৰিয়ানৰ বিৰুদ্ধে ধাৰা ৮(গ), ২০(বি), ২৭, ২৮, ২৯ আৰু ৩৫ ৰ অধীনত অপৰাধৰ অভিযোগ আৰোপ কৰা হৈছে। অৱশ্যে, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জামিনৰ ক্ষেত্ৰত NCBয়ে কি ভূমিকা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.