ভাৰত

কাৰাগাৰলৈ প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিধু…

২০১৮ চনত উচ্চতম ন্যায়ালয়ে হত্যাৰ গোচৰত সিদ্ধুক দোষী সাব্যস্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত মাত্ৰ ১০০০ টকাৰ জৰিমনা বিহি সশ্ৰম কাৰাদণ্ডৰ পৰা মুকলি কৰা হৈছিল নৱজোৎ সিং সিদ্ধুক।

৩৪ বছৰীয়া হত্যাকাণ্ডৰ গোচৰত এবছৰৰ সশ্ৰম কাৰাদণ্ড পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজোৎ সিং সিধুক। বৃহস্পতিবাৰে, উচ্চতম ন্যায়ালয়ৰ বিশেষ ঘোষণা। ১৯৮৮ চনতে সংঘটিত হোৱা এক হত্যাকাণ্ডৰ গোচৰত ১ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে সিধুক। পাৰ্কিং বিবাদক লৈ সংঘটিত হৈছিল হত্যাকাণ্ড।

 

১৯৮৮ চনত পাৰ্কিং বিবাদক কেন্দ্ৰ কৰি অনিচ্ছাকৃতভাৱে সিধুৱে হত্যা কৰিছিল এজন ৬৫ বছৰীয়া বৃদ্ধক। সিধুৰ আক্ৰমণত নিহত হৈছিল গুৰনাম সিং নামৰ লোকজন।

 

২০১৮ চনত উচ্চতম ন্যায়ালয়ে হত্যাৰ গোচৰত সিধুক দোষী সাব্যস্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত মাত্ৰ ১০০০ টকাৰ জৰিমনা বিহি সশ্ৰম কাৰাদণ্ডৰ পৰা মুকলি কৰা হৈছিল নৱজোৎ সিং সিধুক।

 

বৃহস্পতিবাৰে, আদালতৰ বিশেষ ৰায়দান। ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু এছ কে কৌলৰ বিচাৰপীঠে সিধুক দিয়া শাস্তিৰ ওপৰত ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা পৰ্যালোচনা আবেদনৰ অনুমতি দিয়ে। লগতে, এবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.