ধৰ্মীয়

ঘৰত তুলসী গছ আছে যদি ভুলতো নকৰিব এই কাম, অন্যথা অসন্তুষ্ট হ’ব মা লক্ষ্মী…

যি লোকৰ ঘৰত নিতৌ তুলসীৰ পূজা-অৰ্চনা হয়, সেইসকল লোকৰ ঘৰত সদায় সুখ-সমৃদ্ধি বিৰাজ কৰি থাকে।

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ঘৰত তুলসী গছৰ যথেষ্ট মহত্ব আছে। তুলসীৰ পুলিত নিতৌ পানী ঢালি বহুতেই পূজা-অৰ্চনা কৰে। আনকি হিন্দু দেৱতা বিষ্ণুৰ আৰাধনা তুলসীৰ পূজা অবিহনে অসম্পূৰ্ণ বুলি ধৰা হয়। কিয়নো তুলসী হৈছে ভগৱান বিষ্ণুৰ যথেষ্ট প্ৰিয়। আনকি তেখেতক মা লক্ষ্মীৰ এক ৰূপ বুলি ধৰা হয়। যি লোকৰ ঘৰত নিতৌ তুলসীৰ পূজা-অৰ্চনা হয়, সেইসকল লোকৰ ঘৰত সদায় সুখ-সমৃদ্ধি বিৰাজ কৰি থাকে।

 

কিন্তু তুলসী গছজোপাক যদি ভালকৈ ব্যৱহাৰ কৰা নহয়, অথবা নীতি-নিয়ম ভুলকৈ পালন কৰা হয় তেন্তে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব আপুনি। তুলসী গছে গৃহত থকা বাস্তু দোষ শেষ কৰে। তুলসীজোপাৰ পৰা বহুত বেছি লাভালাভৰ বাবে গছজোপা ঘৰৰ উত্তৰ, উত্তৰ-পূব দিশত ৰাখিব লাগে। ভুলতো ঘৰৰ দক্ষিণ দিশত নাৰাখিব তুলসী গছ। ঘৰৰ দক্ষিণ দিশত তুলসী পুলি থাকিলে ঘৰত অশান্তিৰ সৃষ্টি হয়।

 

শাস্ত্ৰ অনুসৰি প্ৰতি দেওবাৰ আৰু একাদশীৰ দিনটোত ভগৱান বিষ্ণুৰ বাবে ব্ৰত ৰাখিছিল তুলসীয়ে। সেয়েহে দেওবাৰ আৰু একাদশীৰ দিনটোত ভুলতো তুলসীত পানী ঢালিব নালাগে। আনকি সূৰ্য আৰু চন্দ্ৰগ্ৰহণৰ দিনটোতো পানী ঢালিব নালাগে তুলসী গছত।

 

কেতিয়াও নখেৰে চিঙিব নালাগে তুলসীৰ পাত। আঙুলিৰ সহায়তহে চিঙিব লাগে তুলসী পাত। কেতিয়াও গা নুধুৱাকৈ স্পৰ্শ কৰিব নালাগে তুলসীৰ গছ। আনকি জোতা-চেণ্ডেল পৰিধান কৰিও চুব নালাগে গছজোপা। লগতে তুলসী গছজোপাৰ আশে-পাশে আৱৰ্জনা থাকিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.