অসম

অসমবাসীক মিজোৰামলৈ নাযাবলৈ আহ্বান অসম চৰকাৰৰ

অসমৰ লোকসকলক মিজোৰামলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে অসম চৰকাৰে

সোমবাৰে মিজো দুৰ্বৃত্তৰ গুলীত ৬ জন ভাৰতীয় জোৱানে অসম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিলে। অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা ঘটনাৰ পাছতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুয়ো ৰাজ্যৰ মাজত উত্তেজনা। দীৰ্ঘদিনীয়া সীমা বিবাদৰ অন্তত সংঘটিত হোৱা এই বৰ্বৰ কাণ্ডৰ পাছতে অসম চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা।

অসমৰ লোকসকলক মিজোৰামলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে অসম চৰকাৰে। মিজোৰামত কৰ্মৰত হৈ থকা অসমৰ লোকসকলক সতৰ্ক হোৱাৰো আহ্বান জনাইছে অসম চৰকাৰ গৃহ বিভাগে।

এই উত্তেজনাপূৰ্ণ সময়ছোৱাত অসমৰ নাগৰিকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান চৰকাৰৰ। অসমৰ নাগৰিকক মিজোৰামত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ আশংকাতে এই নিৰ্দেশনা।

মিজোৰাম চৰকাৰ, আৰক্ষী, দল-সংগঠনে ধাৰাবাহিকভাৱে অসমৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকাৰ অভিযোগ অসম চৰকাৰৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.