Socialউৎসৱধৰ্মীয়

মা দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰোতে কিয় ব্যৱহাৰ কৰা হয় বেশ্যালয়ৰ মাটি?

কিন্তু আপোনালোকে জানেনে মা দুৰ্গাৰ অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী? কিদৰে নিৰ্মাণ কৰা হয় প্ৰতিমা? দুৰ্গা পূজা বুলি ক'লেই ভক্তগণৰ হৃদয়ত খলকনি উঠাৰ সমান্তৰালকৈ শিল্পালয়তো সৃষ্টি হয় উখল-মাখল পৰিৱেশ। প্ৰতিমা নিৰ্মাণৰ ব্যস্ততাৰে উজ্জীৱিত হৈ উঠে প্ৰতিখন শিল্পালয়। 

আজি ষষ্ঠী। চৌদিশে শাৰদীয় দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ। আজি আসনত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক।
কেইবামাহ ধৰি মৃণ্ময় শিল্পীসকলে কৰা কষ্ট আৰু চেষ্টাৰ প্ৰতিফলন হ’ব পূজাৰ মণ্ডপত। ন-সাজ পিন্ধা চালে চকুৰোৱা দেৱী মাক দৰ্শন কৰিবলৈ কাইলৈৰ পৰা ভিৰ হ’ব দেৱী মণ্ডপত।

কিন্তু আপোনালোকে জানেনে মা দুৰ্গাৰ অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী? কিদৰে নিৰ্মাণ কৰা হয় প্ৰতিমা?
দুৰ্গা পূজা বুলি ক’লেই ভক্তগণৰ হৃদয়ত খলকনি উঠাৰ সমান্তৰালকৈ শিল্পালয়তো সৃষ্টি হয় উখল-মাখল পৰিৱেশ। প্ৰতিমা নিৰ্মাণৰ ব্যস্ততাৰে উজ্জীৱিত হৈ উঠে প্ৰতিখন শিল্পালয়।

প্ৰতিমা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাটিক যথেষ্ট পবিত্ৰ গণ্য কৰা হয়। দেৱী মাৰ মূৰ্তিত প্ৰথম পৰশ দিবৰ বাবে ব্যৱহাৰ কৰা হয় বিশেষ মাটি। হিন্দু ৰীতি-নীতি অথবা সমাজত প্ৰচলিত বিশ্বাস অনুসৰি গংগা নদীৰ পাৰৰ মাটি, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু বেশ্যালয়ৰ বাহিৰৰ মাটি ব্যৱহাৰ কৰাটো যথেষ্ট জৰুৰী। কিয়নো ইয়াৰ অবিহনে মূৰ্তি নিৰ্মাণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰয়।

পৰম্পৰাগত বিশ্বাস অনুসৰি বেশ্যাৰ হাতেৰেই উপহাৰ, আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব লাগে প্ৰতিমা নিৰ্মাণৰ মাটি। যিহেতু এই মাটিক পুণ্য মাটি বুলি ধৰা হয়, পূৰ্বতে এই পবিত্ৰ হিচাপে গণ্য কৰা মাটি পুৰোহিতসকলে গ্ৰহণ কৰিছিল। বৰ্তমান মৃণ্ময় শিল্পীসকলেই নিজেই গ্ৰহণ কৰে এই মাটি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.