CricketElectionInternationalInternationalleatest updatepoliticalআন্তঃৰাষ্ট্ৰীয়ক্ৰিকেটখেলদৈনিক বাতৰিবিশ্বৰাজনৈতিক

সাংসদ হ’ল বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক ছাকিব আল হাছান

সৰ্বমুঠ ১,৮৫,৩৮৮ ভোট লাভেৰে ব্যাপক ব্যৱধানত জয়লাভ ছাকিব আল হাছানৰ।

বাংলাদেশৰ ৰাজনীতিৰ ইতিহাসত পুনৰ সংযোজন তাৰকা ক্ৰিকেটাৰৰ। বাংলাদেশ সাংসদ হোৱা তৃতীয় জন ক্ৰিকেটাৰ ছাকিব আল হাছান। বাংলাদেশৰ মাগুৰা-১ ৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ছাকিব আল হাছানে। সংবাদ মাধ্যমৰ সুত্ৰ অনুসৰি ছাকিবে সৰ্বমুঠ ১,৮৫,৩৮৮ টা ভোট লাভ কৰে ইয়াৰ বিপৰীতে বিৰোধী প্ৰতিদ্বন্দ্বী অধিবক্তা কাজী ৰেজাউল হুছেইনে লাভ কৰে মুঠ ৫,৯৯৪ টা ভোট।
অৰ্থাৎ প্ৰথমবাৰৰ বাবে ছাকিব নিৰ্বাচনত অৱতীৰ্ণ হৈ ব্যাপক ব্যৱধানত জয়লাভ কৰিছে।

ইয়াৰ পূৰ্বেও বাংলাদেশৰ দুজনকৈ ক্ৰিকেটাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই সাংসদ হৈছিল।
২০১৪ আৰু ২০১৮ চনত ক্ৰিকেটাৰ নাইমুৰ এহছান দুৰ্জয় দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১৮ চনত প্ৰথমবাৰৰ বাবে মাছৰাফে মৰ্টাজাই জয়লাভ কৰিছিল।

কিন্তু এতিয়ালৈকে ছাকিবে ক্ৰিকেট এৰা নাই। উল্লেখ্য যে ক্ৰিকেট আৰু ৰাজনীতি একেলগে সুকলমে চলাই‌ নিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.