ভাৰতৰাজনৈতিক

কৰ্ণাটকত ক্ৰমাৎ তীব্ৰ হৈ পৰিছে ৰাজনৈতিক সংকট

অসুস্থতাৰ বাবে মুখ্যমন্ত্ৰীৰ পদত্যাগ!

কিছুদিন ধৰি অব্যাহত থকা ৰাজনৈতিক সংকট ক্ৰমাৎ তীব্ৰ হৈ পৰিছে কৰ্ণাটকত৷ মুখ্যমন্ত্ৰী সলনিক লৈ চলি থকা কুজকাৱাজৰ মাজতে বিজেপি শাসিত চৰকাৰ খনৰ মুখ্যমন্ত্ৰী বি এছ য়েদীয়ুৰাপ্পাই শীঘ্ৰে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ ইংগিত দিয়ে৷

বয়স আৰু অসুস্থতাৰ বাবে মুখ্যমন্ত্ৰীৰ পদত্যাগ সন্দৰ্ভত বৃহস্পতিবাৰে য়েদীয়ুৰাপ্পাই টুইটযোগে সদৰি কৰে যে, তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে ২৬ জুলাইত পূৰ্ণ কৰিব দুবছৰ আৰু উল্লিখিত দিনা দুবছৰীয়া বৰ্ষপূৰ্তিৰ বিশেষ অনুষ্ঠানৰ পিছতে বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত যি সিদ্ধান্ত লয় সেইয়া তেওঁ পালন কৰিব৷

জে পি নাড্ডাই টুইটত সদৰি কৰি কয় যে, “এনেক্ষেত্ৰত মোৰ দায়িত্ব আছে যে বিজেপিক পুনৰ ক্ষমতালৈ আনিব পাৰো৷ মই দলীয় কাৰ্যকৰ্তা আৰু ধৰ্মীয় গুৰু সকলৰ পৰা সহযোগিতাৰ অনুৰোধ জনাম৷ আনহাতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী সলনিৰ পিছত কাক অভিষিক্ত কৰিব তাক লৈ দক্ষিণৰ ৰাজ্যখনত চলিছে মাৰাথন ৰেছ৷ মুখ্যমন্ত্ৰী ৰেছত অৱতীৰ্ণ হৈছে য়েদীয়ুৰাপ্পাৰ সোঁহাত স্বৰূপ প্ৰহ্লাদ যোশী, প্ৰধানমন্ত্ৰী অতি ঘনিষ্ঠ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিএল সন্তোষ আৰু লক্ষণ চাবেদ্ৰী৷ এনে প্ৰেক্ষাপটত ২৬ জুলাই পিছতহে স্পষ্ট হ’ব য়েদীয়ুৰাপ্পাৰ উত্তৰাধিকাৰী কোন৷”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.