দৈনিক বাতৰিভাৰতৰাজনৈতিক
Trending

কেজৰিৱালৰ ঘনিষ্ঠৰ পৰা মোদীৰ শিবিৰলৈ: ৰাঘৱ চদ্দাৰ কাহিনী

এগৰাকী আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰীৰ পৃষ্ঠপোষকতাত ৬ সাংসদক লগত লৈ বিজেপিৰ গেৰুৱা বসন পিন্ধিছিল ৰাঘৱ চদ্দাই

২০২৩ চনৰ ২৪ ছেপ্টেম্বৰ, আমাৰ দেশ ভাৰতত হৈছিল এখন হাইপ্ৰফাইল বিয়া। ৰাজনৈতিক নেতা, বলিউদ, সকলো ক্ষেত্ৰৰ চেলিব্ৰিটিৰ ঘটিছিল সমাহাৰ। সেই বিয়াখনলৈ সকলোৱে বাট চাইছিল। কিয়নো অভিনেত্ৰী স্বামী, সমাদৃত যুৱ ৰাজনৈতিক নেতা… বিয়াৰ পূৰ্বে কোন কাৰ লগৰী হ’ব জীৱনলৈ বুলি সেয়া এক অদ্ভুত চৰ্চাৰ বিষয় আছিল। সেই বিয়াখনত সো-শৰীৰে উপস্থিত নাছিল কইনাৰ আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী জ্যেষ্ঠ ভগ্নী। জ্যেষ্ঠ ভগ্নীয়ে সামাজিক মাধ্যমৰ পোষ্টৰ জৰিয়তে শুভেচ্ছা জনাইছিল। আপোনাৰ হয়তো অনুভৱ হ’ব পাৰে, হঠাৎ কিয় এখন বিয়াৰ প্ৰসংগ। কিন্তু উত্তৰটো হ’ল- এই বিয়াখনৰ জৰিয়তেই দেশৰ ৰাজনীতিত এক নতুন সূত্ৰৰ আৰম্ভ হৈছিল। এই বিয়াখনেই সলাই পেলাইছিল দেশৰ ৰাজনৈতিক চিত্ৰ। বিয়াখন কাৰ….

 

২০২৩ চনৰ ২৪ ছেপ্টেম্বৰত   ৰাঘৱ চদ্দাৰ  সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল পৰিনীতি চোপ্ৰাই ।এই বিয়াৰেই সলনি হ’বলৈ ধৰিছিল AAPৰ ভৱিষ্যত ।

এজন ২৯ বছৰীয়া যুৱক… দেশৰ ৰাজনীতিত নতুন মুখ। তীক্ষ্ণ, স্পষ্টবাদী, মেধাৱী, সুবক্তা। আম আদমী পাৰ্টীৰ নতুন নেতা। অৰবিন্দ কেজৰীৱালৰ নয়নৰ মণি। চৌদিশে তেওঁক লৈয়েই চর্চা। তেওঁ ৰাঘৱ চদদা… সেই ৰাঘৱ চদদা আকৌ চর্চাত। আম আদমী পাৰ্টীৰ অনন্য নেতা ৰাঘৱ চদদা গেৰুৱা হ’ল। আম আদমী পাৰ্টীৰ ঝাৰু এৰি বিজেপিৰ পদুম হাতত তুলি ল’লে ৰাঘৱ চদ্দাই। কিন্তু কেনেকৈ… কাৰ পৰামৰ্শত বিজেপিলৈ গ’ল ৰাঘৱ চদ্দা?

 

উত্তৰ বিচাৰিবলৈ গ’লে চৰ্চালৈ আহে এগৰাকী অভিনেত্ৰীৰ নাম । কিন্তু সেই অভিনেত্ৰী অৱশ্যেই পৰিনীতি চোপ্ৰা নহয় ।

এগৰাকী আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰীৰ পৃষ্ঠপোষকতাত ৬ সাংসদক লগত লৈ বিজেপিৰ গেৰুৱা বসন পিন্ধিছিল ৰাঘৱ চদ্দাই।  ৰাঘৱ চদ্দাৰ বিজেপি গমনক লৈ এতিয়াও Gen-Zৰ মাজত চর্চা। পঞ্জাৱৰ বাবে এসময়ৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ আছিল ৰাঘৱ চদ্দা। সেয়া কিন্তু নহ’ল। পঞ্জাৱৰ আম আদমী পাৰ্টীৰ প্ৰায় সকলো সিদ্ধান্ত ৰাঘৱ চদ্দাই লৈছিল। পঞ্জাৱৰ প্ৰতিটো কেবিনেট সিদ্ধান্তৰ ক্ষেত্ৰতো ৰাঘৱ চদ্দাৰ অনানুষ্ঠানিক সন্মতিৰ প্ৰয়োজন হৈছিল।  পঞ্জাৱত আম আদমী পাৰ্টীৰ ক্ষেত্ৰত ৰাঘৱ চদ্দাক চুপাৰ CM বুলি কোৱা হৈছিল। সময় এনেকুৱা আছিল যে কেবিনেট মন্ত্ৰীসভাৰ সিদ্ধান্তৰ পৰা ব্যুৰ’ক্রেছীৰ ন-ন কৌশল ৰাঘৱ চদ্দাৰ ফিল্টাৰেৰে ফিল্টাৰ হ’লেহে সিদ্ধান্ত ল’ব পাৰিছিল। কিন্তু  ঘটনাক্ৰম লাহে-লাহে সলনি হৈ পৰিছিল। পঞ্জাৱৰ ৰাজনীতিত ৰাঘৱ চদ্দাৰ দপদপনি আৰু Cash for Cabinet ব্যৱস্থাই বিৰোধীক এক তীব্ৰ সুযোগ দিলে।

 

অৰবিন্দ কেজৰিৱালৰ জোঁৱাই হ’ব ৰাঘৱ চদ্দা!

২০২২ চন, পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ সময় । সেই সময়তেই চর্চাত থকা আন এক খবৰ…    অৰবিন্দ কেজৰিৱালৰ জীয়ৰীৰ সৈতে বিয়াত বহিব ৰাঘৱ চদ্দা!

অৰবিন্দ কেজৰিৱালৰ জীয়ৰীৰ সৈতে ৰাঘৱ চদ্দাৰ বিয়াৰ খবৰে দেশৰ ৰাজনৈতিক পৰিবেশ প্ৰায় সলনি কৰিছিল। বহুতেই কৈছিল এইবোৰ মিছা…ঘনিষ্ঠ বহুতেই কৈছিল অৰবিন্দ কেজৰিৱালৰ জোঁৱাই হ’বলগীয়া খবৰ সত্য। এনে সঁচা-মিছা ব্যক্তিগত ধাৰণাৰ মাজেৰেই ৰাজনৈতিক জীৱন আগবাঢ়িছিল ৰাঘৱ চদ্দাৰ। কিন্তু এই ঘটনাই এটা কথা প্ৰমাণ কৰিছিল অৰবিন্দ কেজৰিৱাল আৰু ৰাঘৱ চদ্দাৰ  সম্পর্কৰ ঘনিষ্ঠতা কিমান আছিল। লাহে-লাহে দিল্লীৰ আম আদমী পাৰ্টীৰ অন্য এক প্ৰতিভাসম্পন্ন মেধাৱী তীক্ষ্ণ যুৱ নেতাৰূপে পৰিগণিত হৈছিল ৰাঘৱ চদ্দাৰ নাম। আম  আদমী পাৰ্টীৰ পোষ্টাৰ বয় ৰাঘৱ চদ্দা… যাক দেখি অনুভৱ হৈছিল কৰ্পৰেট ক্লাছ আৰু ৰাজনৈতিক ভিজন একেলগে থিয় হ’ব পাৰে। আন্না হাজাৰে আন্দোলনৰ পৰা অৰবিন্দ কেজৰিৱালৰ অন্যতম ঘনিষ্ঠৰূপত দেখা গৈছিল। অৰবিন্দ কেজৰিৱালৰ গাৰ ছাঁ সদৃশ হৈ পৰিছিল ৰাঘৱ। সেই সময়ছোৱাত ছছিয়েল মিডিয়াত আটাইতকৈ চর্চা হোৱা বিষয়টোৱে আছিল অৰবিন্দ কেজৰিৱালৰ জীয়ৰীৰ সৈতে বিয়াত বহিব ৰাঘৱ চদ্দা। কিন্তু তাৰ মাজতেই  যি ৰাঘৱ এদিন অৰবিন্দ কেজৰিৱালৰ নয়নৰ মণি আছিল, সেই ৰাঘৱ চদ্দা আঁতৰিবলৈ ধৰিলে আম আদমী পাৰ্টীৰ পৰা, অৰবিন্দ কেজৰিৱালৰ ওচৰৰ পৰা।

 

এইবাৰ ৰাঘৱ চদ্দাৰ প্ৰেমৰ জীৱনত নতুন টুইষ্ট । ENTRY পৰিনীতি চোপ্ৰাৰ …

এনেবোৰ ঘটনাক্ৰমৰ মাজতে এদিন পৰিনীতি চোপ্ৰাৰ সৈতে চিনাকি হৈছিল ৰাঘৱ চদ্দাৰ। সেই চিনাকিয়ে বন্ধুত্বৰ ৰূপ ল’লে, সেই বন্ধুত্ব লাহে-লাহে গাঢ় হ’ল… প্ৰেমৰ সম্পৰ্কৰ বান্ধোনত বান্ধ খালে ৰাঘৱ-পৰিনীতি। এদিন সেই সম্পৰ্কক আইনী আৰু সামাজিক মৰ্যাদাৰে বিয়াৰ নাম দিলে দুয়ো। এখন হাইপ্ৰফাইল বিয়া। সকলো আহিছিল বিয়ালৈ। অৰবিন্দ কেজৰিৱাল আহিছিল দলৰ সকলো নেতাৰ সৈতে। কিন্তু অহা নাছিল কেজৰীৱালৰ পৰিয়াল। তাতেই আৰম্ভ হৈছিল আকৌ সেই পুৰণি প্ৰশ্ন। আন্না হাজাৰে আন্দোলনৰ পৰা কেজৰিৱালৰ গাৰ ছাঁ সদৃশ হৈ পৰা ৰাঘৱ চদ্দা তেওঁৰ পৰিয়ালৰো ঘনিষ্ঠ হৈছিল। ইমান ঘনিষ্ঠতাৰ পিছতো বিয়ালৈ কেজৰিৱালৰ পৰিয়ালৰ কোনো সদস্য নহাত ছছিয়েল মিডিয়াত চর্চা হৈছিল। সেই বিয়ালৈ অহা নাছিল প্ৰিয়ংকা চোপ্ৰাৰ জ্যেষ্ঠ সম্পৰ্কীয় ভগ্নী প্ৰিয়ংকা চোপ্ৰাও। লিখিছিল এটা আশীৰ্বাদ ভৰা পোষ্ট। আৰু তেনেকৈয়ে যেন লাহে-লাহে ৰাঘৱ চদ্দাৰ ৰাজনৈতিক জীৱনলৈ এক বৃহৎ সালসলনিৰ অধ্যায় আৰম্ভ হৈছিল।

 

আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ তৎপৰতাতেই BJP মুখী হ’ল নেকি ৰাঘৱ চদ্দা? প্ৰিয়ংকা চোপ্ৰাৰ বাবেই BJPলৈ গ’ল নেকি ৰাঘৱ চদ্দা?

আম আদমী পাৰ্টি তেতিয়া ভয়ংকৰ বিপদৰ সন্মুখত। দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত ইজনৰ পিছত সিজনকৈ নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰিছে CBI আৰু EDয়ে। কিন্তু ৰাঘৱ চদ্দা নিমাত। চকু চিকিৎসাৰ বাবে লণ্ডনলৈ গ’ল সাংসদজন। ঘূৰি আহিও মৌন ব্ৰতত। অৰবিন্দ কেজৰিৱালকে ধৰি সকলো কাৰামুক্ত হোৱাৰ সময়… তেতিয়াও নিমাত ৰাঘৱ। দলৰ মাজত সন্দেহ বাঢ়িবলৈ ধৰিলে। ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চদদাই ছিংৰাৰ দাম, ১০ মিনিট ডেলিভাৰী আদি মধ্যবিত্তক চুই যোৱা সমস্যা সদনত উত্থাপনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিল। সেই pick সময়তেই আম আদমী পাৰ্টিয়ে ৰাজ্যসভাত ভাষণৰ বাবে ৰাঘৱ চদ্দাক সময় নিদিবলৈ আহ্বান জনাই অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল। লগতে উপ-দলপতি পদৰ পৰা অপসাৰণ কৰি সেই দায়িত্ব অশোক মিট্টলক দিছিল।  বিদ্ৰোহৰ জুইকুৰা জ্বলি উঠিল। ৰাঘৱ চদদাই সেই সিদ্ধান্তৰ প্ৰতিক্ৰিয়াৰূপে সদনৰ বাহিৰত এটা ভিডিও প্ৰস্তুত কৰি কৈছিল, মোৰ বাক স্বাধীনতা কোনেও কাঢ়ি নিব নোৱাৰে। আৰু তাতেই React কৰিলে ৰাঘৱ চদ্দাৰ অভিনেত্ৰী পত্নী পৰিনীতি চোপ্ৰাৰ সম্পৰ্কীয় জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকা চোপ্ৰাই। গতিকেই আলোচনা হ’ল- আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ পৃষ্ঠপোষকতাতেই বিজেপিমুখী হ’ল ৰাঘৱ চদ্দা।

 

BJPলৈ কিয় ভয় কৰিছিল ৰাঘৱ চদ্দাই?

ৰাঘৱ চদ্দাৰ এই বিশেষ ভিডিওৰ পাছতেই আপ নেত্রী আতিশীৰ প্ৰশ্ন- আপুনি ছিলিণ্ডাৰৰ বৰ্ধিত দামৰ বিৰুদ্ধে মাত নামাতে কিয়? আপুনি মন্ত্ৰীলৈ ভয় কৰে কি? আপুনি টেলিকমাৰ্চ কোম্পানীৰ বিৰুদ্ধে কথা কয়, কিন্তু টেলিকমাৰ্চ মন্ত্ৰীৰ বিৰুদ্ধে আপোনাৰ কণ্ঠ নুশুনো কিয়? এনেবোৰ বাক-বিতন্দাৰ কেইটামান দিনৰ ভিতৰতে ৰাঘৱ চদ্দা বিজেপিলৈ গ’ল। কিন্তু তাৰ মাজতেই যি ৰাঘৱে এদিন বিজেপিক নিৰক্ষৰ আৰু গোৱাৰৰ ৰাজনৈতিক দল বুলি হাঁহিছিল। সেই ৰাঘৱে আপৰ ঝাড়ু এৰি নৰেন্দ্ৰ মোদীৰ শৰণাপন্ন হৈ বিজেপিৰ গেৰুৱা বসন পৰিধান কৰি হাতত তুলি ল’লে বিজেপিৰ পদুম।  ৰাজনীতিৰ পাশাখেলখন বৰ ভয়ংকৰ। এটা পক্ষই কয় যে বেচেৰা ৰাঘৱ চদ্দাই কৰিবতো কৰিব কি? লাহে-লাহে পাৰ্টীৰ ভিতৰচৰাত ক্ৰমাৎ এলাগী হৈ পৰিছিল ৰাঘৱ চদ্দা। পৰিৱৰ্তে  আতিশী মাৰলেনাক দলৰ কাম-কাজৰ ক্ষেত্ৰত আগুৱাই দিয়া হ’ল। স্বাভিমান হেৰুৱাই পেলাইছিল ৰাঘৱ চদ্দাই। ৰাঘৱ চদ্দাই সংসদত যিবোৰ বিষয় উত্থাপন কৰিছিল, সেইবোৰ দলে গুৰুত্বহীন বুলি দাবী কৰিছিল। আৰু সেয়ে দলীয় অন্তঃকন্দলত জৰ্জৰিত হৈ সতীৰ্থ  সাংসদ সন্দ্বীপ পাঠকৰ সৈতে একেলগে দলে পূৰ্বৰ নীতি আৰু মূল্যবোধ হেৰুওৱাৰ দাবীৰে বিজেপিলৈ আহিবলৈ পাভলুটি মাৰিল। কিন্তু দ্বিতীয় পক্ষৰ প্ৰশ্ন যেতিয়া দল বিপদত আছিল, তুমি ক’ত আছিলা? মনীষ চিছ’দিয়া, অৰবিন্দ কেজৰিৱালকে ধৰি  যেতিয়া দলৰ প্ৰথম শাৰীৰ প্ৰায়ভাগ নেতৃত্ব কাৰাবন্দী হৈ আছিল, তেতিয়া তুমি ক’ত আছিলা? চকু চিকিৎসাৰ নামত লণ্ডনলৈ গৈছিলা। চিকিৎসাৰ নামত তোমাৰ লণ্ডন গমন সঁচাকৈয়ে চিকিৎসাৰ বাবেই আছিল নে…. নে তুমি তদন্তকাৰী সংস্থা CBI আৰু EDৰ পৰা বাচি থাকিবলৈ দেশৰ পৰা পলায়ন কৰিছিলা।  বিজেপিলৈ যোৱাটো WASHING MACHINEত সোমোৱাৰ দৰে হ’ল নেকি ৰাঘৱ চদ্দাৰ বাবে। নে ৰাজনৈতিক ক্ষমতাৰে বলীয়ান হৈ থকাৰ তীব্ৰ খক ৰাঘৱ চদ্দাৰ? এই প্ৰশ্নৰ উত্তৰ আমি সময়ৰ হাতত এৰিলোঁ। সময়ে দেখুৱাব ৰাঘৱ চদ্দা দেশৰ ৰাজনৈতিক পৰিস্থিতিত মূৰ্তমান হৈ থাকিব নে নাই ?

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.