দৈনিক বাতৰি

কটন বিশ্ববিদ্যালয়ত মাহজোৰা কাৰ্যসূচীৰে অষ্টম সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন

যোগ দিৱস উপলক্ষে মাহজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ NSS গোটৰ দ্বাৰা আয়োজন কৰা হয় যোগাসনৰ কৰ্মশালা

আজি আন্তৰ্জাতিক যোগ দিৱস। মানসিক, শাৰীৰিক উৎকৰ্ষ সাধন কৰাৰ বাবে সমগ্ৰ বিশ্বৰ লগতে কটন বিশ্ববিদ্যালয়তো পালন কৰা হৈছে অষ্টম সংখ্যক যোগ দিৱস। বিশ্ববিদ্যালয়ৰ ড° টি আও ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱস কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়াক অধ্যাপক মহাদেৱ পাটগীৰিয়ে।

 

যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অধ্যাপক মনজি‌ৎ কুমাৰ ভট্টাচাৰ্য, ডিন ছাত্ৰ কল্যাণ, অধ্যাপক প্ৰশান্ত শৰ্মা, সঞ্চালক, ছাত্ৰ কল্যাণ, কটন বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ উপ সভাপতি ড‌° ৰুমা তালুকদাৰ, সহযোগী অধ্যাপিকা ড° বন্দনা শৰ্মা, ড° পৰিস্মিতা বৰদলৈ, ড° দেৱজিৎ বৰুৱা, ইন্দোৰ ষ্টেডিয়ামৰ শাৰীৰিক নিৰ্দেশক ড° কুলেন দাসসহ প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে।

 

উল্লেখ্য যে, যোগ দিৱস উপলক্ষে মাহজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ NSS গোটৰ দ্বাৰা আয়োজন কৰা হয় যোগাসনৰ কৰ্মশালা। লগতে অনুষ্ঠিত কৰা হয় যোগাসনৰ প্ৰতিযোগিতা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.