অপৰাধদিল্লী

ৰাজ্য কঁপাই যোৱা দিল্লী কাণ্ডই লৈছে নতুন মোৰ। আৰক্ষীয়ে তৈয়াৰ কৰিছে ৰুটমেপ

দিল্লীৰ ৰাজপথত সংঘটিত হোৱা ৰাজ্য কঁপাই যোৱা ঘটনাৰ নতুন মোৰ

ৰাজধানী দিল্লীত পুনৰ ৰাজ্য কঁপাই যোৱা এক জঘন্য কাণ্ড সংঘটিত হয়। উদণ্ড ৫ সুৰামত্ত যুৱকৰ নৃশংসতাৰ বলি এগৰাকী যুৱতী। তীব্ৰবেগী গাড়ীয়ে বহু দূৰলৈ চোচৰাই নিলে যুৱতীগৰাকীক। এখন স্কুটীৰে গৈ থকা এগৰাকী যুৱতীক খুন্দিয়াই ১২ কিলোমিটাৰ গাড়ীৰে চোঁচোৰাই লৈ যায় যুৱক কেইজনে। চুলতানপুৰীপ পৰা কাঞ্জাৱালালৈ চোঁচৰাই লৈ যায় যুৱতী গৰাকীক। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অসহায় যুৱতী গৰাকীয়ে। ৰাজপথত যুৱতী গৰাকীৰ প্ৰাণকাতৰ চিঞৰ। অসহায় যুৱতীক সহায়ৰ হাত আগবঢ়াবলৈ কোনো নাছিল। যুৱতী গৰাকীৰ প্ৰাণকাতৰ আৰ্তনাদ হাঁহি হাঁহি উপভোগ কৰিলে মাতাল যুৱক কেইজনে। পৰৱৰ্তী সময়ত দিল্লীৰ আৰক্ষীৰ PCR টীমে দেও বাৰে তেজেৰে লুটুৰি-পুটুৰি মৃত অৱস্থাত দিল্লীৰ ৰাজপথত উদ্ধাৰ কৰে যুৱতী গৰাকীক। ইতিমধ্যে অভিযুক্ত যুৱক কেইজনক কৰায়ত্ত কৰিছে দিল্লী আৰক্ষীয়ে।

 

 

 

দিল্লীৰ ৰাজপথত সংঘটিত এই ঘটনাই লৈছে নতুন মোৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাৰ সময়ত যুৱতীগৰাকীৰ সৈতে স্কুটীত আছিল এগৰাকী বান্ধৱীও। দুৰ্ঘটনাত বান্ধৱীগৰাকীও সামান্য আঘাতপ্ৰাপ্ত হয়। কিন্তু চকুৰ সন্মুখতে নিজৰ বান্ধবীৰ এনে ভয়াৱহ পৰিণতিৰ পিছত আৰক্ষীৰ সহায় নিবিচাৰি পলায়ন কৰে বান্ধৱীগৰাকীয়ে। বৰ্তমান সেই বান্ধৱীগৰাকীৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। দিল্লীৰ এই নৃশংস ঘটনাৰ চিচিটিভি ফুটেজত ইতিমধ্যে পোহৰলৈ আহিছে সকলো কথা। তদন্তকাৰী আৰক্ষীয়ে জনোৱামতে, মৃত যুৱতীগৰাকীৰ বান্ধৱীগৰাকীক ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁৰ ভাষ্য গ্ৰহণ কৰা হ’ব। ঘটনাৰ দিনা নিশা কি হৈছিল, সেয়া জানিবলৈ ইতিমধ্যে দুৰ্ঘটনা ক’ত হৈছিল আৰু তাৰ পিছত গাড়ীখন কোন পথেৰে গৈছিল সেই ৰুটমেপ তৈয়াৰ কৰিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.