ধৰ্মীয়

হোলীৰ দিনাই বাংলাদেশত পুনৰ মুছলমানৰ আক্ৰমণৰ বলি সংখ্যালঘু হিন্দু! দুৰ্বৃত্তই ভাঙি লণ্ড-ভণ্ড কৰিলে মন্দিৰ…

দুৰ্বৃত্তৰ দলটোৱে হিন্দু দেৱ-দেৱতাৰ মূৰ্তি ভাঙি ধ্বংস কৰাৰ লগতে মন্দিৰত থকা বহু মূল্যৱান সামগ্ৰীৰ লুটপাত কৰে।

পবিত্ৰ হোলীৰ দিনটোতে বাংলাদেশত ইস্কন মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ। বৃহস্পতিবাৰে, বাংলাদেশৰ ৰাজধানী ঢাকাস্থিত এটা ইস্কন ৰাধাকান্ত মন্দিৰ ভাঙি লণ্ড-ভণ্ড কৰে দুৰ্বৃত্তৰ দলে। বাংলাদেশত সংখ্যালঘু হিন্দু লোকৰ উন্নয়নৰ বাবে কাম কৰি থকা ইস্কন মন্দিৰটোত বৃহস্পতিবাৰে আক্ৰমণ কৰে এটা চৰমপন্থী লোকৰ দলে।

হিন্দু আমেৰিকান ফাউণ্ডেচনৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা বাতৰি অনুসৰি এজন হাজি চফিউল্লাহৰ নেতৃত্বত অহা ১৫০জনীয়া দুৰ্বৃত্তৰ দলে বাংলাদেশৰ ঢাকাত থকা ইস্কন মন্দিৰটোত ১৭ মাৰ্চৰ নিশা ৮ বজাত আক্ৰমণ কৰে। আক্ৰমণৰ ফলত তিনিজন হিন্দু ভক্ত গুৰুতৰভাৱে আহত হয়। দুৰ্বৃত্তৰ দলটোৱে হিন্দু দেৱ-দেৱতাৰ মূৰ্তি ভাঙি ধ্বংস কৰাৰ লগতে মন্দিৰত থকা বহু মূল্যৱান সামগ্ৰীৰ লুটপাত কৰে।

https://twitter.com/VoiceOfHindu71/status/1504475597271040019

ভাৰতৰ দ্বিতীয় বৃহৎ উৎসৱ ফাকুৱাৰ সময়তে এইদৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সংখ্যালঘু হিন্দুক আক্ৰমণ কৰা ঘটনাটোৱে স্বাভাৱিকতে শংকিত কৰি তুলিছে সকলোকে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.