ভাৰতসংগীত

কণ্ঠশিল্পী উদিত নাৰায়ণৰ সঁচাকৈয়ে হাৰ্ট এটেক হৈছিল নেকি?

এই খবৰ বিয়পাৰ লগে লগেই কণ্ঠশিল্পী গৰাকীৰ মেনেজাৰে সম্পূৰ্ণ সঁচা কথাখিনি প্ৰকাশ কৰিছে

কণ্ঠশিল্পী উদিত নাৰায়ণ হাৰ্ট এটেক হৈ সংকটজনক অৱস্থা, তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অথবা তেওঁৰ মৃত্যু হৈছে…”, যদি আপুনিও এনে ধৰণৰ বাৰ্তা দেখিছে, তেন্তে বিশ্বাস নকৰিব। কণ্ঠশিল্পী উদিত নাৰায়ণৰ হাৰ্ট এটেকৰ খবৰটো ছচিয়েল মিডিয়াত কিছুদিন ধৰি ভাইৰেল হৈ পৰিছে। এই খবৰটো শুনি বহুতেই বিশ্বাস কৰি ছ’চিয়েল মিডিয়াতো উদ্বেগ প্ৰকাশ কৰিছে৷ এই খবৰৰ সত্যতাক লৈও বহুতেই প্ৰশ্ন উত্থাপন কৰিছে।

এই খবৰ বিয়পাৰ লগে লগেই কণ্ঠশিল্পী গৰাকীৰ মেনেজাৰে সম্পূৰ্ণ সঁচা কথাখিনি প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰিছে যে বিশিষ্ট কন্ঠশিল্পী উদিত নাৰায়ণ সম্পূৰ্ণ সুস্থ৷ হাৰ্ট এটেক হৈ মৃত্যু হোৱা খবৰটো সম্পূৰ্ণ মিছা৷ কোনোবাই উৰাবাতৰিহে বিয়পাইছে।

উদিত নাৰায়ণৰ ব্যক্তিগত মেনেজাৰে কয় যে খবৰটোত একেবাৰেই সত্যতা নাই। কণ্ঠশিল্পী গৰাকীৰ স্বাস্থ্য সম্পূৰ্ণ ভাল। মেনেজাৰে স্পষ্ট কৰি দিয়ে যে উদিত জী একেবাৰে ঠিকেই আছে আৰু তেওঁৰ একো হোৱা নাই। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই উৰাবাতৰিৰ আঁৰত কি আছে সেয়াহে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.