অসমদুৰ্ঘটনা

সন্ধানহীন দুই কিশোৰী মৃতদেহ উদ্ধাৰ

SDRF বাহিনীয়ে উদ্ধাৰ কৰে কিশোৰী দুগৰাকীৰ মৃতদেহ

ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত সাতশিয়াৰ বালাটাৰীত ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুই কিশোৰী। আজি উদ্ধাৰ হয় মৃতদেহ দুটা৷

সোমবাৰে ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ দুগৰাকী কিশোৰী সন্ধানহীন হোৱাৰ পিছত ৰাতিৰ পৰা SDRF বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত অভিযান চলাই আজি পুৱতি নিশা ঘটনাস্থলীত কাষৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুই কিশোৰীৰ মৃতদেহ৷

পানীত উপঙি থকা অৱস্থাত SDRF বাহিনীয়ে উদ্ধাৰ কৰে কিশোৰী দুগৰাকীৰ মৃতদেহ৷

মৃতদেহ দুটা ১০ বছৰীয়া আন্না ভানু আৰু ৮ বছৰীয়া জামেলা খাতুনৰ বুলি জানিব পৰা গৈছে৷ মৃতদেহ দুটা উদ্ধাৰ হোৱাৰ পাছত অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.