Socialঅসম আৰক্ষীপৰিৱেশ

সপোনক যেন বাস্তৱৰ ৰূপ দিছে এজন আৰক্ষী বিষয়াই

এইয়া কোনো ৰিজৰ্ট কিম্বা পার্ক নহয় এইয়া হ'ল বশিষ্ঠ আৰক্ষীৰ যান বাহন আৰক্ষী থানাৰ চৌপাশৰহে দৃশ্য।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ ভাৰত গঢ়াৰ সপোন যেন এতিয়া পূৰণ কৰিবলৈ হেঁপাহ এজন দক্ষ আৰক্ষী বিষয়াৰ।

এইয়া কোনো ৰিজৰ্ট কিম্বা পার্ক নহয় এইয়া হ’ল বশিষ্ঠ আৰক্ষীৰ যান বাহন আৰক্ষী থানাৰ চৌপাশৰহে দৃশ্য। আৰক্ষী বিষয়া বুলি ক’লে মনলৈ আহে ৰাজপথত ধন সংগ্ৰহ কৰাৰ, নানান অভিযোগ। তাৰ বিপৰীতে নিৰবে কৰি গৈছে স্বচ্ছতাৰ কাম কাজ।

এই কাম কৰি দেখুৱালে বশিষ্ঠ যান বাহন শাখাত নতুন কৈ দ্বায়িত্ব ভাৰ গ্ৰহন কৰা ভাৰপ্ৰাপ্ত বিষয়া নৃপেন শইকীয়াই। নৃপেন শইকীয়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ফুলৰ বাগিছা ৰিজৰ্ট সদৃশ ঘৰ। পুৰ্বে অত ত’ত পৰি থকা দুৰ্ঘটনাগ্ৰস্থ বাহন সমুহো ৰাখিছে সজাই পৰাই। ফুলৰে সু-সজ্বিত কৰিছে চৌপাশ। শাৰি শাৰি কৈ ৰাখিছে বাহন সমুহ। প্ৰধানমন্ত্ৰীৰ মিছন স্বচ্ছতাৰ প্ৰতি সহাৰি জনাইছে বিষয়া জনে।

উল্লেখযোগ্য যে, নৃপেন শইকীয়া বিষয়াজনে পুৰ্বে কৰ্তব্য থকা থানা সমুহত সাজি দিছে মন্দিৰ। ফুলেৰে সজাইছিল চৌপাশ। বিষয়া জনৰ এই পদক্ষেপ সচাকৈয়ে আদৰনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.