Social Networkঅপৰাধঅভিনয়জীৱনশৈলীভাৰত

PORN FILM নিৰ্মাণ কৰি গ্ৰেপ্তাৰ হ’ল শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা

পৰ্ণগ্ৰাফীৰ লগত জড়িত ঘটনাত সোমবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজ কুন্দ্ৰাক

গ্ৰেপ্তাৰ হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা। পৰ্ণগ্ৰাফীৰ লগত জড়িত ঘটনাত সোমবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজ কুন্দ্ৰাক।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৪ ফেব্ৰুৱাৰীত মালৱানি পুলিচ ষ্টেচনত ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।
ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছতে সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাজ কুন্দ্ৰাৰ ৯ বছৰীয়া পুৰণি টুইট। ৪৫ বছৰীয়া ব্যৱসায়ীজনে সেই টুইটযোগে উত্থাপন কৰিছিল এক প্ৰশ্ন:পৰ্ণগ্ৰাফী কিয় বৈধ, যি সময়ত পতিতাবৃত্তি বৈধ নহয়?
মঙলবাৰে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতে আজি গ্ৰেপ্তাৰ কৰা হয় তেওঁৰ সহায়কাৰী ৰিয়ান থৰ্পেক।

চলিত বৰ্ষৰ ৪ ফেব্ৰুৱাৰীতে এগৰাকী মহিলাই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে তৰিছিল গোচৰ। অভিনয় কৰিবলৈ সুযোগ দিয়াৰ চলনাৰে মহিলাগৰাকীক পৰ্ণ ফিল্মত অভিনয় কৰিবলৈ বাধ্য কৰোৱাইছিল ব্যৱসায়ী ৰাজ কুন্দ্ৰাই।

পূৰ্বতে IPLৰ মেচ ফিক্সিঙৰ অভিযোগ থকা ৰাজ কুন্দ্ৰাই ভাতৃৰ সৈতে লগ হৈ এই পৰ্ণগ্ৰাফিক কোম্পানীৰ স্থাপন কৰিছে। এই অশ্লীল ভিডিঅ’ ভাৰততে শ্বুটিং কৰি We Transferৰ জৰিয়তে UKলৈ পঠিওৱা হৈছিল আৰু পৰৱৰ্তী সময়ত মোবাইল এপৰ জৰিয়তে ইন্টাৰনেটত মুকলি কৰা দিয়া হৈছিল এই অশ্লীল ভিডিঅ’।

মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি মুম্বাইৰ বিভিন্ন ঘৰ, হোটেলত কৰা হৈছিল এই অশ্লীল ভিডিঅ’ৰ শ্বুটিং। চিনেমাত অভিনয় কৰাৰ সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দি এইদৰেই পৰ্ণ ফিল্মত অভিনয় কৰিবলৈ বাধ্য কৰোৱা হৈছিল বহু মডেলক।

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া আৰক্ষীৰ আৱেষ্টনীতে আছে ব্যৱসায়ীগৰাকী। যদি তেখেতৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ ভিত্তিত উচিত তথ্য পোৱা যায়, তেন্তে দীৰ্ঘদিনৰ কাৰাদণ্ড বিহা হ’ব ৰাজ কুন্দ্ৰাক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.